নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনক ২০২৩ বৰ্ষৰ ৰংপুৰ গৌৰৱ সন্মান প্ৰদান কৰিবলৈ খোজ নামৰ সংগঠনটোৱে গ্ৰহণ কৰা সিদ্ধান্তক অসম ৰাজ্যিক সাংবাদিক সন্থাই আদৰণি জনাইছে। ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই এক বিবৃতিৰ জৰিয়তে অসম আন্দোলনৰ এগৰাকী ছাত্ৰ নেতা, বিগত তিনি দশক ধৰি নিৰবিচ্ছিন্ন ভাৱে সংবাদ ক্ষেত্ৰখনত সেৱা আগবঢ়োৱা সঞ্জীৱ কুমাৰ ফুকনক সন্থাই অভিনন্দন জ্ঞাপন কৰিছে। ইতিপূৰ্বে অসম ৰাজ্যিক সাংবাদিক সন্থাই সঞ্জীৱ কুমাৰ ফুকনক জাগীৰোড অধিৱেশনত ছহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী সাংবাদিকতা বঁটাৰে বিভূষিত কৰিছিল। খোজৰ এই ঘোষণাৰ বাবে সন্থাই খোজকো ধন্যবাদ জনাইছে। বিবৃতিটোৰ যোগেদি বিশিষ্ট শিক্ষাবিদ ৰজনীকান্ত দত্ত আৰু আদৰ্শ খেতিয়ক টায়েক অভিনন্দন জনাইছে। ইফালে, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত আৰু সম্পাদক নীলু আচাৰ্যই সঞ্জীৱ কুমাৰ ফুকনক অভিনন্দন জনাইছে।
প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…