
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ঘোষণা
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ ৰাইজৰ বিশিষ্ট সাংবাদিক তমোজিৎ ভট্টাচাৰ্যলৈ “বৰাক উপত্যকা সাংবাদিকতা বঁটা ঘোষণা কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাই। ৰাজ্যখনৰ অন্যতম সাংবাদিক সংগঠনটোৰ ফালৰ পৰা এই জনোবা হৈছে। পূৰ্বৰ ঘোষণা অনুসৰি ৯ মাৰ্চত এ এছ জে ইউ ৰ জুৰি সমিতিৰ এখন বৈঠক অনুস্থিত হৈছিল। জুৰি সমিতিৰ অধ্যক্ষ তথা সাংবাদিক সংগঠনটোৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সঞ্চালনত অনুস্থিত হোবা বৈঠকত বৰাকভেলীৰ মুঠ ৪ গৰাকী বিশিষ্ট সাংবাদিকৰ নাম “বৰাক উপত্যকা সাংবাদিকতা বঁটাৰ বাবে মনোনীত কৰা হৈছিল। তেওঁলোকৰ মাজৰ পৰা তমোজিৎ ভট্টাচাৰ্যক উক্ত বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। ১৯৭৯ চনৰ পৰা সাংবাদিকতা ক্ষেত্ৰ খনলৈ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা বিশিষ্ট সাংবাদিক গৰাকীক অহা ৩০ মাৰ্চত শিলচৰত অনুস্থিত হ’ব লগা অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মেডিয়া ফ’ৰামে যৌথভাবে আহ্বান কৰা এক বিশেষ অনুষ্ঠানত সন্মানীয় বঁটাটো প্ৰদান কৰা কৰা হ’ব। উক্ত বঁটাত থাকিব নগদ ধনৰ টোপোলা , মানপত্ৰ আৰু সন্থাৰ স্মাৰক আদি। উল্লেখ্য যে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্বোধনী বৰ্ষৰ বাবে ঘোষণা কৰা ” বৰাক উপত্যকা সাংবাদিকতা বঁটা ” ৰ জুৰি সমিতি খনত আছিল গোলাঘাটৰ জিতু শৰ্মা ৰাজখোৱা (অধ্যক্ষ ), শিৱসাগৰৰ অভিজিৎ দুৱৰা ( সচিব ), যোৰহাটৰ ৰাতুল বৰা, গুৱাহাটীৰ হিলদুল গগৈ আৰু হোজাইৰ জমিৰ উদ্দিন তালুকদাৰ ( সদস্য )