বোকাখাত চাহ বাগিছাত শিশু দিৱস উদযাপন

বোকাখাত চাহ বাগিছাত শিশু দিৱস উদযাপন, মন্ত্ৰী অতুল বৰা উপস্থিত

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ
বোকাখাত চাহ বাগিচা যুৱ সংঘৰ উদ্যোগত বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় শিশু দিৱস।

১৪ নৱেম্বৰৰ পুৱা বোকাখাত চাহ বাগিচাৰ মুখ্য পৰিচালক অখিল কুমাৰ বৰ্মনে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পাছতেই ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ দ্বাৰা এক শৈক্ষিক শোভাযাত্ৰা মুকলি কৰা হয়৷ গোলাঘাট জিলা আটছাৰ সম্পাদক সুশীল কালিন্দীয়ে শোভাযাত্ৰা মুকলি কৰি সকলোকে উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে৷

শোভাযাত্ৰা সম্পন্ন হোৱাৰ পাছতে শিশু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তিনিটা শাখাত চিত্ৰাংকন, কবিতা আবৃত্তি, টেকেলি ভঙা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰম্ভ হয়৷ বিশিষ্ট সমাজকৰ্মী ভাস্কৰ কালিন্দী, বীৰ কুমাৰ ছেত্ৰী, পৰশুৰাম কৰ্মকাৰ, স্থানীয় কেইবাখনো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা অনুষ্ঠানত প্ৰতিযোগিতাৰ দ্বাৰ উন্মোচন কৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ বোকাখাত শাখা সমিতিৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক ভৰত ৰবিদাসে৷

প্ৰতিযোগিতাসমূহৰ বিচাৰক হিচাপে বিশিষ্ট চিত্ৰশিল্পী বিজয় তাঁতী, বিতোপন মাজিৰ লগতে শিক্ষক ৰাণা ৰহমান আৰু চৈতন্য গগৈ উপস্থিত থাকে৷ ইফালে, অনুষ্ঠানত জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা উপস্থিত হৈ শিশু, ছাত্ৰ-ছাত্ৰীসকলৰ স’তে মত বিনিময় কৰে৷

অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক পংকজ কালিন্দীয়ে আঁত ধৰা বঁটা সভাত বিতৰণী সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি শিশুসকলক উদ্দেশ্যি বিশিষ্ট লেখিকা কল্পনা চেতিয়াই সাৰুৱা ভাষণ আগবঢ়ায়৷ শতাধিক শিশু, ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা শিশু দিৱসৰ অনুষ্ঠানত শিশুশিল্পী ঝুমইৰজ্যোতি মাজি উপস্থিত থাকি কেবাটাও গীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে৷

সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া মমী বৰা, সমাজকৰ্মী বাবুল কালিন্দী, মনোজ কৰ্মকাৰ,অজিত কৰ্মকাৰ, কিষাণ তাঁতী, দামিনী কালিন্দী, ৰিংকি কালিন্দীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়৷

  • Related Posts

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰাম-এ যৌথভাৱে যোৱা ৩০ মাৰ্চত বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান কৰে৷…

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    জনগণৰ সুৰক্ষা অবিহনে বিশ্বৰ জনগণৰ চিনাকি নাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়াও সুৰক্ষিত নহয় ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ ক্ষেত্ৰত কেৱল বনবিভাগৰ লোকৰে নহয়, স্থানীয় জনগণৰো ভূমিকা অপৰিসীম৷…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান