অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ কৰ্মী জামালু উদ্দিন আহমেদৰ দেহাৱসান

দুখৰ দিনত মাত এষাৰো নলগালে ছাত্ৰ সন্থা বা অগপই

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ এগৰাকী ৰণুৱা বোকাখাত বৰচাপৰিৰ জামালউদ্দিন আহমেদৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ উৰ্দ্ধত। দীৰ্ঘদিন ধৰি একাঙ্গী ৰোগত আক্ৰান্ত আছিল আহমেদ।বোকাখাত জেডিএচজি কলেজৰ কমাৰ্চ গ্ৰেজুৱেট জামাল উদ্দিন কলেজ খনৰ এন এচ এচৰো সম্পাদক আছিল। অসম আন্দোলনৰ সময়ত আৰক্ষীয়ে আতিশয্যৰ পৰা ৰক্ষা পাবলৈ কাৰ্বি আংলঙত আশ্ৰয় লৈছিল। তাতেই জীৱনৰ ১৮টাকৈ বছৰ এখন স্কুল স্থাপন কৰি পাৰ কৰাৰ পাছতো চৰকাৰী নোহোৱাত ঘৰলৈ ঘূৰি আহে। ইয়াৰ পাছতে ক্ৰমশঃ ৰোগত আক্ৰান্ত হয় যদিও কাষৰে বৰচাপৰি চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত স্বেচ্ছামূলক ভাৱে শিক্ষকতা কৰিছিল। এগৰাকী ভাল অভিনেতা আছিল তেওঁ। জীৱনত প্ৰায় ডেৰকুৰি নাটকত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল। তেওঁ নৱজ্যোতি শিল্পী সমাজ আৰু পদাতিক গোষ্টীৰ এগৰাকী সক্ৰীয় কৰ্মী ৰূপেও জড়িত আছিল। জিলা খনৰ ভিতৰত অনুষ্ঠিত হোৱা একাংকিকা নাট প্ৰতিযোগিতা একাধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। শেহতীয়া ভাৱে কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ লগত জড়িত হৈছিল। উল্লেখ্য যে তেওঁৰ দুখৰ দুৰ্দিনত ছাত্ৰ সন্থা অথবা অসম আন্দোলনৰ ফলশ্ৰুতিত জন্মলাভ কৰা অসম গণ পৰিষদৰ কোনো নেতা-কৰ্মীয়ে খবৰ নল’লে তেওঁৰ। মৃত্যুৰ সময়ত পত্নী আৰু একমাত্ৰ কন্যাক এৰি থৈ গৈছে।জামাল উদ্দিন আহমেদৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

  • Related Posts

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰাম-এ যৌথভাৱে যোৱা ৩০ মাৰ্চত বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান কৰে৷…

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    জনগণৰ সুৰক্ষা অবিহনে বিশ্বৰ জনগণৰ চিনাকি নাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়াও সুৰক্ষিত নহয় ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ ক্ষেত্ৰত কেৱল বনবিভাগৰ লোকৰে নহয়, স্থানীয় জনগণৰো ভূমিকা অপৰিসীম৷…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন