
অজন্তা তালুকদাৰ, বোকাখাতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া গাহৰিৰ আক্ৰমণত আজি দিনৰ ভাগত অগৰাতলী গাঁৱৰ এগৰাকী মহিলা থিতাতে নিহত হয়৷ জানিব পৰা অনুসৰি, পথাৰত ছাগলী আৰু গৰুক পানী খুৱাবলৈ যোৱা অৱস্থাত জোপাহাৰ পৰা ওলাই অহা এটা বনৰীয়া গাহৰিয়ে অতর্কিতে আক্ৰমণ কৰে অগৰাতলি গাঁৱৰ টেংকল চুংকৰং (৫৫) নামৰ মহিলাগৰাকীক ৷ ঘটনাটোত মহিলাগৰাকী থিতাতে নিহত হয়৷ ঘটনা প্ৰত্যক্ষ কৰা স্থানীয় ৰাইজে চিঞৰ বাখৰ কৰাত বনৰীয়া গাহৰিটো আঁতৰি যায় যদিও তেতিয়ালৈ মহিলাগৰাকী নিহত হয়৷ কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ বন বিষয়া আৰু বনকৰ্মী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে৷ বোকাখাত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিছে৷ মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷