বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা
মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ
বছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কবিতা পুথিখনৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে । বিশিষ্ট কথাশিল্পীগৰাকীলৈ আগবঢ়োৱা এই সম্মানে অসমৰ সাহিত্য জগতলৈ আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে লগতে বোকাখাতবাসী ৰাইজলৈও। বঁটা ঘোষণাৰ পিছত বিশিষ্ট কবিগৰাকীয়ে গুৱাহাটীত সাংবাদিকৰ আগত কয় যে, ২০১৮ চনত ‘ফৰিংবোৰে বাটৰ কথা জানে’ কবিতা পুথিখন লিখা হৈছিল । ২০২১ চনত কবিতা পুথিখন প্ৰকাশ হোৱাৰ পিছত ২০২২ চনত এই কবিতা পুথিখন উন্মোচন কৰা হৈছিল । তেওঁ লগতে কয় যে ১৯৮৭ চনত তেওঁ পৰ্যটন বিভাগৰ কেবাগৰাকী বিষয়াৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন ভ্ৰমণৰ সুযোগ পাইছিল । এই ভ্ৰমণকালত লাভ কৰা বিভিন্ন অভিজ্ঞতা আৰু অনুভৱৰ পৰা কবিতাবোৰ লিখিছিল । পিছত সুদীৰ্ঘকাল এইবোৰ সংশোধিত আৰু পৰিমাৰ্জিত কৰি কবিতা পুথি আকাৰে প্ৰকাশ কৰা হয় । কবিতাবোৰত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা, ৰাজনৈতিক বিষয় আৰু উগ্ৰপন্থীৰ সমস্যা আদি দিশবোৰ প্ৰতিফলিত হৈছে ।ইফালে এই বঁটা লাভ সন্দৰ্ভত সমীৰ তাঁতীয়ে কয়, “লেখকে কোনো প্ৰাপ্তিৰ বাবে সৃষ্টি নকৰে । বিশাল জনগণৰ স্বপ্ন, বিষাদ, আনন্দ, হাঁহি, কান্দোন আদি তুলি ধৰি মানৱতাৰ বাবে সৃষ্টি কৰে ।”উল্লেখ্য যে, ১৯৭৯ চনত ‘নাগৰিক’ কাকতত সমীৰ তাঁতীৰ প্ৰথমটো কবিতা প্ৰকাশ পায় । বৰ্তমানলৈকে সমীৰ তাঁতীৰ কেবাখনো কবিতাপুথি, সমালোচনা আৰু গদ্য সাহিত্যৰ সংকলন, আফ্ৰিকীয় কবিতা আৰু জাপানী প্ৰেমৰ কবিতাৰ দুখন অনুদিত গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেওঁৰ সম্পাদনাৰে দুখন গল্প সংকলন প্ৰকাশ পাইছে । যুদ্ধভূমিৰ কবিতা (১৯৮৫), শোকাকুল উপত্যকা (১৯৯৩), সময় শব্দ সপোন (১৯৯৬), কদম ফুলাৰ ৰাতি (২০০১) আদি তেওঁৰ প্ৰকাশিত উল্লেখযোগ্য কবিতা সংকলন । তেওঁৰ দুখন কবিতা পুথি ‘বিগলিত প্ৰাৰ্থনা’, ‘ল’গ পাম ক’ৰবাত এদিন’ শেহতীয়াকৈ প্ৰকাশ পাইছে ।
২০১২ চনৰ নৱেম্বৰত সমীৰ তাঁতীক ছগনলাল জৈন সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল । উইলিয়ামছনছ মেগৰ শৈক্ষিক ন্যাসে প্ৰদান কৰা ২০১২ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটাও তেওঁক প্ৰদান কৰা হৈছিল ।১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ বিহৰা চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল সমীৰ তাঁতীয়ে । তেওঁৰ পিতৃ আছিল চাহ শ্ৰমিক কৰ্ণ তাঁতী আৰু মাতৃ নোৱাগ’ৰ তাঁতী । কৰ্ণ তাঁতী ১৯৩৭ চনতে ওড়িশাৰ কালাহান্দিৰ পৰা অসমলৈ আহিছিল ।সমীৰ তাঁতীয়ে এজন ওড়িয়া শিক্ষকৰ ওচৰত শিক্ষা জীৱনৰ পাতনি মেলে । এবছৰমানৰ পিছত তেওঁ বিহৰাৰ এখন হিন্দী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে । দুবছৰমান সেইখন বিদ্যালয়ত পঢ়াৰ পিছত তেওঁ অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰে । ১৯৭৪ চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে তেওঁ উত্তীৰ্ণ হয় । ১৯৮৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । ১৯৮০ চনত তেখেত লিলিবন কলিতাৰ লগত বিবাশপাশত আবদ্ধ হয় ।হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত ‘সাদিনীয়া নাগৰিক’ কাকতত উপ-সম্পাদক হিচাপে সমীৰ তাঁতীয়ে কৰ্মজীৱনৰ পাতনি মেলিছিল । তাৰ পিছত তেওঁ ‘দ্য ছেণ্টিনেল’ কাকতত আৰ্হিকাকত চাওঁতা হিচাপে কাম কৰে । পৰৱৰ্তী সময়ত তেওঁ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত অনুবাদক, শৰাইঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা, খানাপাৰাৰ গণেশ মন্দিৰ বিদ্যালয়ত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । অসম চৰকাৰৰ পৰ্যটন বিভাগৰ জ্যেষ্ঠ পৰ্যটন অনুসন্ধান বিষয়াৰূপে অৱসৰ গ্ৰহণ কৰে সমীৰ তাঁতীয়ে ।
(বোকাখাতৰ সন্তান সমীৰ তাঁতীৰ এই প্ৰাপ্তিত আমি ৰাইজৰ খবৰ ডিজিটেল পৰিয়ালৰ পৰা অভিনন্দন জনাইছোঁ আৰু সুস্বাস্থ্যৰে কুশলে থাকক প্ৰিয়কবি ৷)