প্ৰয়াত ভৱেশ শইকীয়া স্মাৰক ‘এইদেশ’ বঁটা-২০২৪ ঘোষণা

প্ৰয়াত ভৱেশ শইকীয়া স্মাৰক ‘এইদেশ’ বঁটা-২০২৪ ঘোষণা

শ্ৰেষ্ঠ সাংবাদিক বঁটা মহেশ আগ্ৰৱাললৈ আৰু যুৱ উদ্যমী বঁটা ৰফিকুল ইছলামলৈ

বুবুল দত্ত, ৰাইজৰ খবৰ ডিজিটেলঃ অল আসাম প্ৰেছ ক’ৰেচপ’ণ্ডেণ্ট ইউনিয়ন চমুকৈ ‘আপকু’ৰ আৰু বোকাখাত প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়াৰ সোঁৱৰণত ‘এইদেশ স্মাৰক বঁটা-২০২৪ ঘোষণা কৰা হৈছে৷ চলিত বৰ্ষৰ প্ৰয়াত ভৱেশ শইকীয়া স্মাৰক ‘এইদেশ’ শ্ৰেষ্ঠ সাংবাদিক বঁটা লাভ কৰিছে জ্যেষ্ঠ সাংবাদিক মহেশ আগ্ৰৱালে৷ উল্লেখ্য যে ২০১৭ চনতেই আৰম্ভ হোৱা অসমৰ অন্যতম অনলাইন সংবাদ প্ৰতিষ্ঠান ‘এইদেশ’ৰ উদ্যোগত বোকাখাত জ্যেষ্ঠ সাংবাদিক, অল আচাম প্ৰেছ ক’ৰেচপ’ণ্ডেন্ট ইউনিয়ন চমুকৈ ‘আপকু’ৰ আৰু বোকাখাত প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়াৰ সোঁৱৰণীত প্ৰদান কৰি অহা ‘এইদেশ বঁটা’ৰ ২০২৪ বৰ্ষৰ বাবে বঁটা প্ৰাপকৰ নাম আজি আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হয়৷ আজি বোকাখাতত অনুষ্ঠিত এক বৈঠকত বঁটাৰ বাবে নিয়োজিত কৰা ৭ জনীয়া নিৰ্বাচক মণ্ডলীয়ে এইদেশ সংবাদ গোষ্ঠীৰ ৰাজ্যিক পৰ্যায়ত ভৱেশ শইকীয়া স্মাৰক এইদেশ শ্ৰেষ্ঠ সাংবাদিক বঁটা ২০২৪ বাবে বোকাখাত নিৱাসী জ্যেষ্ঠ সাংবাদিক তথা বোকাখাত প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক, দৈনিক পূৰ্বোদয় কাকতৰ বোকাখাতৰ সাংবাদিক মহেশ আগ্ৰৱালক আৰু জিলা পৰ্যায়ৰ ভৱেশ শইকীয়া স্মাৰক শ্ৰেষ্ঠ যুৱ উদ্যমী বঁটা ২০২৪ বাবে কাজিৰঙা বচাগাঁৱৰ বিশিষ্ট পৰিৱেশ কৰ্মী, দেশৰ আগশাৰীৰ পক্ষী নিৰীক্ষণকাৰী তথা ট্যুৰ অপাৰেটৰ ৰফিকুল ইছলামক নিৰ্বাচন কৰে৷ উল্লেখ্য যে অহা ১৬ জানুৱাৰীত বোকাখাতত আয়োজিত প্ৰয়াত ভৱেশ শইকীয়াৰ ৯৬ সংখ্যক জন্মদিৱস আৰু স্মৃতিচাৰণ সভাত এইদেশ সংবাদৰ গোষ্ঠীৰ এই দুই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব৷ এই বঁটাত ভৱেশ শইকীয়াৰ স্মাৰক, নগদ ধন আৰু প্ৰশস্তিপত্ৰ থাকিব বুলি এইদেশ সংবাদৰ তৰফৰ পৰা জনাইছে৷

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান