বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

জনগণৰ সুৰক্ষা অবিহনে বিশ্বৰ জনগণৰ চিনাকি নাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়াও সুৰক্ষিত নহয়

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ ক্ষেত্ৰত কেৱল বনবিভাগৰ লোকৰে নহয়, স্থানীয় জনগণৰো ভূমিকা অপৰিসীম৷ এখন পকী বেৰৰ দৰে দাঁতিকাষৰীয়া জনগণে সুৰক্ষা প্ৰদান কৰি অহাৰ বাবেই কাজিৰঙা হাবিয়ে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰিবৰ সক্ষম হৈছে৷ কাৰণ, জনগণৰ সুৰক্ষা অবিহনে বিশ্বৰ জনগণৰ চিনাকি নাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়াও সুৰক্ষিত নহয়৷’— বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ আজি অন্তিম দিনত ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত এইদৰে কয় সাংবাদিক তথা কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই৷ আলোচনা চক্ৰত নিজৰ বক্তব্যৰ যোগেদি ধ্ৰুৱজ্যোতি সাহাই লগতে কয় যে নিজৰ পথাৰৰ ধান-মাহ-সৰিয়হ খুওৱাই, গোহালিৰ গৰু-গাহৰি খুওৱাই কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰিছে উদ্যানৰ কাষৰীয়া জনগণে৷ তৎস্বত্বেও কাজিৰঙাৰ এই অতন্দ্ৰ প্ৰহৰীসকল বহু সময়ত ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হৈ আহিছে৷

উল্লেখ্য যে প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু বোকাখাতৰ সচেতন নাগৰিকৰ সহযোগত বোকাখাত নাট্য মন্দিৰ প্ৰাংগনত অনুষ্ঠিত বৌদ্ধিক, সাংস্কৃতিক, ভাষা-সাহিত্য, চিত্ৰ-ভাস্কৰ্যৰ সমন্বয়থলী তথা আড়ম্বৰপূৰ্ণ বোকাখাত গ্ৰন্থমেলা ২০২৫, শিল্প চিন্তন আৰু নাট সমাৰোহৰ আজি সামৰণি পৰে। বিশিষ্ট কবি-নাট্যকাৰ-পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ অপু ভৰদ্বাজৰ গল্পৰ আধাৰত ৰচিত বহুচৰ্চিত নাট ‘নীতা আম্বানী’ মঞ্চস্থৰে নিজম পৰিল কবি নীলমণি ফুকন ক্ষেত্ৰ। যোৱা ২২ মাৰ্চৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলাৰ পাঁচোটা দিনতে গ্ৰন্থমেলাৰ বিপনী আৰু সমূহ কাৰ্যসূচীতে গ্ৰন্থপ্ৰেমী ৰাইজৰ ভিৰ আৰু সঁহাৰি গ্ৰন্থমেলাখনৰ অন্যতম উল্লেখনীয় দিশ। বিগত চাৰিওটা দিনত বোকাখাতৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে কৰাৰ দৰে আজি পুৱা গ্ৰন্থমেলা ক্ষেত্ৰত চাফাই কাৰ্যসূচী সম্পন্ন কৰে বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে। ইয়াৰ পাছতে চন্দ্ৰপ্ৰভা শইকীয়ানী, কমলা ভাসিন সোঁৱৰণী ‘নাৰী আৰু লৈংগিক বৈচিত্ৰ’ শীৰ্ষক আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লয় লৈংগিক অধিকাৰ কৰ্মী বন্দিতা মৃনা আৰু বিশিষ্ট সাহিত্যিক জুৰি বৰা বৰগোহাঞিয়ে। বিয়লিলৈ বলো বৰা, ডালিমী লয়িং, ফাগু গড় সোঁৱৰণী ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত অনুষ্ঠিত হয়৷ এই অনুষ্ঠানতে প্ৰবীণ পেগু সম্পাদিত আৰু বুবুল শৰ্মা, প্ৰিয়া চাহু আৰু অজানিতা হাজৰিকাৰ সহ সম্পাদনাত ‘কাজিৰঙা সংৰক্ষণ, সহাৱস্থান আৰু সংঘাত’ প্ৰৱন্ধ সংকলন উন্মোচন হয়। অনুষ্ঠানত আৰু আলোচক হিচাবে অংশগ্ৰহণ কৰি মুবিনা আখতাৰ, কমল গগৈ প্ৰনৱ দলেইও কাজিৰঙা সংৰক্ষণ সন্দৰ্ভত আলোচনা কৰাৰ লগতে বুবুল শৰ্মাই কাজিৰঙাৰ অতীত, বৰ্তমান তথা ভৱিষ্যত সম্বন্ধে বিশদভাৱে পৰিৱেশ সুৰক্ষাৰ বিষয়ে বক্তব্য প্ৰদান কৰে। ইয়াৰ পাছতে শ্বহীদ বেজা বাউৰী আৰু কমলা মিৰি সোঁৱৰণী ‘ৰাইজৰ দৰবাৰ’ অনুষ্ঠিত হয়। উল্লেখ্য যে সদৌ অসম ভিত্তিত অধিক গ্ৰন্থ ক্ৰয় কৰি ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানলৈ বৰঙণি আগবঢ়োৱা ব্যৱসায়ী আৰু ৰাজনীতিকক গ্ৰন্থমেলাৰ তৰফৰ পৰা ‘ৰাইজৰ দৰবাৰ’তে ‘অভিনৱ প্ৰতিযোগিতা’ৰ জৰিয়তে বঁটা প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হয় যদিও বাতৰি লিখা পৰলৈকে ফলাফল জানিব পৰা হোৱা নাই। সন্ধিয়ালৈ ‘উদ্যমিতা বিকাশ’ শীৰ্ষক আলোচনাৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে কেশৱ মহন্ত আৰু দিলীপ শৰ্মা সোঁৱৰণী ‘চিৰসেউজ গীতৰ অনুষ্ঠান আৰু বঁটা বিতৰণী’ অনুষ্ঠিত হয়। অৰুণ শৰ্মা সোঁৱৰণী নাট্যসন্ধ্যাত নগাঁৱৰ ‘নিৱেদন’ নাট্য গোষ্ঠীৰ নিৱেদনত ‘নীতা আম্বানী’ মঞ্চস্থ হয়। সামৰণিত গ্ৰন্থ বিক্ৰেতা আৰু আয়োজক সমিতিৰ প্ৰীতি সন্মিলন অনুষ্ঠিত হয়।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান