বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰাম-এ যৌথভাৱে যোৱা ৩০ মাৰ্চত বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান কৰে৷

এই বঁটা প্ৰদান অনুষ্ঠান শিলচৰৰ গান্ধী ভৱনত অনুষ্ঠিত হয়৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই অনুষ্ঠানত সভাপতিত্ব কৰে আৰু তথ্য আৰু জনসংযোগ বিষয়া বাহ্নিখা চেতিয়াই অনুষ্ঠান উদ্বোধন কৰে৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকাই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে, আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ সম্পাদক চানি ৰয়ে আদৰণি ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি মনোজ কুমাৰ বৰঠাকুৰ, জেষ্ঠ সাংবাদিক মহুয়া চৌধুৰী, বঁটা প্ৰাপক চয়ন ভট্টাচাৰ্য, সুধন্য সিনহা আৰু বৰাক উপত্যকাৰ গৰিষ্ঠ সংখ্যক সাংবাদিক উপস্থিত থাকে৷ সাংস্কৃতিক সংগঠন ‘মনুষ্যত্ব’ আৰু ‘তপস্যা’ৰ দ্বাৰা প্ৰদৰ্শিত গীত আৰু নৃত্য অনুষ্ঠানে অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে৷

‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ গ্ৰহণ কৰি তমোজ্যোতি ভট্টাচাৰ্যই দুই উপত্যকাৰ সাংবাদিকক একেলগে একেখনি মঞ্চত একত্ৰিত হোৱাৰ বাবে দুয়োটি সংগঠনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ তেওঁ নিজৰ জীৱনৰ সাংবাদিকতাৰ আৰম্ভণিৰ সময়ৰ বিভিন্ন অভিজ্ঞতাৰ লগতে ভিন্ন সময়ৰ জটিল পৰিস্থিতি আৰু বৃহৎ পৰিৱৰ্তনবোৰ উল্লেখ কৰে৷ বৰাক উপত্যকাৰ জেষ্ঠ সাংবাদিক মহুয়া চৌধুৰী ওৰফে শিলা মহন্তিয়ে কয় যে তেওঁ বহু বছৰ ধৰি সাংবাদিকতাৰ সৈতে জড়িত আৰু এসময়ত সাংবাদিকতা এক কৃতিত্বহীন বৃত্তি আছিল৷ কিন্তু দীৰ্ঘদিন কাম কৰি অহাৰ পাছত পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছে৷ এক প্ৰস্তাৱ যোগে অসম ৰাজ্যিক সাংবাদিক সন্থাই ৰাজ্যত সাংবাদিকসকৰ ওপৰত চলি থকা আৰক্ষীৰ নিৰ্যাতনৰ প্ৰতিবাদ জনায়৷ সন্থাৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক অনুৰোধ জনায় যাতে কোনো সাংবাদিকক গ্ৰেপ্তাৰৰ পূৰ্বে স্পষ্টভাৱে আইনসমূহ সংবাদ মাধ্যমক জনোৱা হয়৷ লগতে সাংবাদিকতাত পেঞ্চন লাভ কৰা সাংবাদিকৰ সংখ্যা বছৰি ২০ৰ পৰা ৪০লৈ বৃদ্ধি কৰিবলৈও দাবী জনায়৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ পৰা বিশেষ সাংবাদিকতাৰ বঁটা গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক চয়ন ভট্টাচাৰ্যই কয় যে ছপা মাধ্যমে এতিয়া ডিজিটেল মাধ্যমৰ পৰা, বিশেষকৈ সামাজিক মাধ্যমৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ সেয়ে এইক্ষেত্ৰত পঢ়ুৱৈ, জনসাধাৰণ সকলোৱে সতৰ্ক আৰু সজাগ হোৱা উচিত৷

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন