অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত চাহ বাগিচা নিবাসী সৰবৰহী, জনপ্ৰিয় সমাজ সচেতক ৰতন কৰ্মকাৰ (৪৫)ৰ ২২ অক্টোবৰৰ নিশা স্বাস্থ্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। জানিব পৰা মতে বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল প্ৰয়াত কৰ্মকাৰ। চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে বাগিচা তথা কাষৰীয়া অঞ্চলৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত সংপৃক্ত হৈ সমাজ জীৱনৰ বাবে অপৰিহাৰ্য হৈ পৰিছিল কৰ্মকাৰ। উল্লেখ্য যে অসম চাহ জনজাতি ছাত্ৰ সন্থা, বোকাখাত চাহ বাগিচাৰ প্ৰাথমিক গোটৰ প্ৰাক্তন সভাপতি তথা বোকাখাত শাখা সমিতিৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক, প্ৰাক্তন ক্ৰীড়াবিদ প্ৰয়াত মহিৰাম কৰ্মকাৰৰ চতুৰ্থ পুত্ৰ ৰতন কৰ্মকাৰ। প্ৰয়াত কৰ্মকাৰে মৃত্যুৰ সময়ত পত্নী ৰূপালী কৰ্মকাৰ, একমাত্ৰ সন্তান প্ৰণৱ কৰ্মকাৰ, জ্যেষ্ঠ ভাতৃ দিলো কৰ্মকাৰ, ভগ্নী মহুৱা কৰ্মকাৰৰ লগতে পৰিয়াল-স্বজন আৰু অলেখ গুণমুগ্ধক এৰি থৈ যায়। কৰ্মকাৰৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।
প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…