অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, নগাঁও জিলা সমিতি আৰু বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ সহযোগত বটদ্ৰৱাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ৰাজ্যৰ সাংবাদিকসকলৰ সংগঠনসমূহক একেখন মঞ্চলৈ আনি সাংবাদিকসকলৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ তথা সাংবাদিকসকলৰ সকলো সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰি আমি প্ৰচেষ্টা হাতত লমঃ জিতু শৰ্মা ৰাজখোৱা

বটদ্ৰৱাৰ পৰা মৃদুস্মিতা শৰ্মাঃ
“ৰাজ্যৰ সাংবাদিকসকলৰ সংগঠনসমূহক একেখন মঞ্চলৈ আনি সাংবাদিকসকলৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ তথা সাংবাদিকসকলৰ সকলো সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰি আমি প্ৰচেষ্টা হাতত লম।”- এই মন্তব্য অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা সাদিন প্ৰতিদিন গোষ্ঠীৰ জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাৰ।

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, নগাঁও জিলা সমিতি আৰু বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ সহযোগত শনিবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানৰ সঞ্চালনা কৰে জিতু শৰ্মা ৰাজখোৱাই।

তেওঁ লগতে চৰকাৰলৈ “ৰাজ্য চৰকাৰে বছৰি অতি কমেও ৪০ জন লোকক সাংবাদিক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে। সাংবাদিক সকলৰ পেঞ্চন বৃদ্ধি কৰিব লাগে, লগতে স্বাস্থ্য বীমা নিধিৰ অধীনলৈ আনিব লাগে বুলি দাবী উত্থাপন কৰে।”
লগতে তেওঁ সাংবাদিক নিগ্ৰহ আৰু নিৰ্যাতন প্ৰতিবাদ কৰি ছহিদ সাংবাদিকৰ প্ৰকৃত মৰ্যদা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটি মুখ্য অতিথি ৰূপে উপস্থিত থাকে ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাতুল বৰা।

বৰাই “গণতন্ত্ৰ আৰু সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰোতা সাংবাদিকসকলৰ জীৱন জীবিকাৰ নিৰাপত্তা সুনিশ্চিত হওঁক” বুলি ভাষণত উল্লেখ কৰে। “সাংবাদিকতাৰ ইতিহাস, বৰ্তমান আৰু নিৰাপত্তাহীন ভবিষ্যত” শীৰ্ষক আলোচনাচক্ৰত ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিক বঁটাপ্ৰাপক বিশিষ্ট সাংবাদিক দুলাল মিশ্ৰ, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকা আৰু কটহগুৰি কনিষ্ঠ মহাবিদ্যালয় প্ৰবক্তা ড০ আশ্ৰফ ওৱাহিদে “সুস্থ সমাজত সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য” শীৰ্ষক আলোচনাৰ বিশ্লেষণ আগবঢ়ায়।

অনুষ্ঠানতে চৰাইদেউ জিলাৰ সাংবাদিক মৃদুল কুমাৰ চাহু, দৰং জিলাৰ সাংবাদিক আব্দুল আজিজ, ধিঙৰ সাংবাদিক ৰাজীৱ নেওগ, বটদ্ৰৱাৰ সাংবাদিক ছাইফুল ইছলাম আৰু টুকটুকীৰ সাংবাদিক জালাল উদ্দিন আহমেদক গামোছা, জাপি, প্ৰতীক পট আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

ইফালে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ডেকা আৰু নগাঁও জিলা সম্পাদক নিতুমণি গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিৰ পূৰ্বে ছাত্ৰ ছাত্ৰীৰ মাজত বক্তৃতা আৰু প্ৰশ্নোত্তৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সভাত ৰাজ্যৰ বহুকেইখন জিলাৰ সাংবাদিক বুদ্ধিজীৱীৰ লগতে নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক সোনমনি শইকীয়া, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰ –ছাত্ৰী, শিক্ষক- কৰ্মচাৰীসকল উপস্থিত থাকে।

উল্লেখ্য যে এই সভাৰ লগত সংগতি ৰাখি কবি, গীতিকাৰ প্ৰেমেশ্বৰ ঠাকুৰীয়া আৰু গীতিকাৰ, ভাস্কৰ্য্য শিল্পী শিক্ষক ৰাজীৱ মহন্তক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান