
বিশিষ্ট সাংস্কৃতিক কৰ্মী, বৈষ্ণৱপ্ৰাণ পৱিত্ৰ প্ৰাণ বৰালৈ ‘অসমীয়া কলা-সংস্কৃতিৰ জীৱনজোৰা সাধনা বঁটা ঘোষণা
চাহ জনগোষ্ঠী হাড়ে-হিমজুয়ে অসমীয়া, সাহিত্য সভাৰ সৈতে হাতে-হাত ধৰি কাম কৰিব আটছাইঃ জগদীশ বৰাইক
মৃদুস্মিতা শৰ্মা , ৰাইজৰ খবৰ ডিজিটেলঃ “অসমৰ চাহ জনগোষ্ঠীয় ৰাইজ বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগই নহয় ,চাহ জনগোষ্ঠী হাড়ে-হিমজুয়ে অসমীয়া। চাহ জনগোষ্ঠীৰ শিৰাই-শিৰাই প্ৰবাহিত হৈ আছে অসমীয়া জাতীয় চিন্তা-চেতনা,আবেগ-অনুভূতি আৰু স্বাভিমান। চাহ জনগোষ্ঠীৰ নৱ-প্ৰজন্মক অসমীয়া ভাষা- সাহিত্য,সংস্কৃতি, কৃষ্টি,পৰম্পৰা,ঐতিহ্যৰ প্ৰতি আকৰ্ষিত কৰি চৰ্চাৰ পৰিৱেশ ৰচনা কৰাতো সকলোৰে নিশ্চয় দায়িত্ব আৰু কৰ্তব্য।

এই ক্ষেত্ৰত অসমৰ অভিভাৱকত্ব জাতীয় সংগঠন অসম সাহিত্য সভাৰ শেহতীয়া কৰ্মসূচীৰ প্ৰতি আমি আদৰণী জনাইছোঁ। ” ৰাজ্যখনৰ ভিতৰতে অসম সাহিত্য সভাৰ শক্তিশালী অংগ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ আজি অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠান আৰু ২০২৫-২৭ কাৰ্যবৰ্ষৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ বৰাইকে এনেদৰে মন্তব্য কৰে। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড° পুতুল শইকীয়াৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত তেওঁ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই অসম সাহিত্য সভাৰ নেতৃত্বত চাহ জনগোষ্ঠীয় এলেকা আৰু চাহ বাগিচাই-বাগিচাই গ্ৰহণ কৰা ব্যাপক কৰ্মসূচীৰ সক্ৰিয় অংশীদাৰ হোৱাৰ লগতে আটছাই সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে, অসম সাহিত্য সভাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক, শ্ৰেষ্ঠ সংগঠকৰ বঁটা প্ৰাপক, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নেতৃত্বত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই গোলাঘাট জিলাৰ ১৫ খনৰো অধিক চাহ বাগিচাত চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সত্ৰীয়া নৃত্য, বিহুনাচ,বৰগীত,লোকগীত, সাহিত্য বিষয়ক আদি কৰ্মশালা আয়োজন কৰাৰ সিদ্ধান্ত আজি গ্ৰহণ কৰে। সেইদৰে গোলাঘাট নগৰত অনা-চাহ জনগোষ্ঠী ছাত্ৰ-ছাত্ৰী,যুৱক-যুৱতীৰ মাজত ঝুমুইৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰাই সাৱলীলভাৱে আঁত ধৰা শপত গ্ৰহণ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে শাখা সাহিত্য সভাৰ সভাপতি ড° পুতুল চন্দ্ৰ শইকীয়াই । শপত গ্ৰহণ অনুষ্ঠান শুভ উদ্বোধন কৰি গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দুলাল চন্দ্ৰ দাসে কয় যে, সাহিত্য সভাৰ মঞ্চত ব্যক্তিগত মতাদৰ্শ, ব্যক্তিগত সংঘাট, পচন্দ-অপচন্দৰ বিষয় সমূহ পৰিহাৰ কৰি জাতীয় স্বাৰ্থৰ আৰু সভাৰ সাংগঠনিক স্বাৰ্থত আমি উমৈহতীয়াভাৱে কাম কৰিব লাগিব। গোলাঘাট জিলা সাহিত্য সভাৰো বহু ক্ৰটি-বিচ্যুতি থকা বুলি উল্লেখ কৰি সকলোকে লগত লৈ জিলা সাহিত্য সভাৰ মজিয়াখনত সংস্কাৰ সাধনৰ বাবে নিৰপেক্ষভাৱে কাম কৰি যাব বুলি তেওঁ ঘোষণা কৰে আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পূৰ্ণ সহযোগিতাৰ আহ্বান জনায়। শপত বাক্য পাঠ কৰোৱায় অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক,শাখাৰ প্ৰতিষ্ঠাপক দিগন্ত কুমাৰ ভূঞাই। উক্ত অনুষ্ঠানত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ কাৰ্যনিবাহক বিষয়ববীয়া আৰু উপ-সমিতিসমূহৰ বিষয়ববীয়া সকলক দায়িত্ব প্ৰদানৰ পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । ইয়াৰ পাছতে অনুষ্ঠিত হোৱা পূৰ্ণাংগ কাৰ্যনিৰ্বাহ সভাত ২৭ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ষপ্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বিশিষ্ট সাংস্কৃতিক কৰ্মী, বৈষ্ণৱপ্ৰাণ, নৃত্যাচাৰ্য পৱিত্ৰ প্ৰাণ বৰাক ‘অসমীয়া লোক-কলা,সংস্কৃতিৰ জীৱনজোৰা সাধনা বঁটা’ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ইয়াৰ উপৰি শাখাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিৰ উদ্যোগত অসমীয়া ভাষাৰ কৰ্মশালা,কবি সন্মিলন উপ-সমিতিৰ উদ্যোগত ৰাজ্যিক ভিত্তিত কবি সন্মিলন, ৰাজ্যিক ভিত্তিত আবৃত্তি প্ৰতিযোগিতা,ৰামধেনু উপ-সমিতিৰ উদ্যোগত ৰাজ্যিক ভিত্তিত যুৱ সাহিত্য সন্মিলন, যুৱ সংসদ উপ-সমিতিৰ উদ্যোগত বিদ্যালয়-মহাবিদ্যাদয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত আখৰ জোঁটনি কৰ্মশলা কৰ্মশালা, মনস্তাত্বিক কৰ্মশালা,কুঁহি উপ-সমিতিৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত সাধুকোৱা,সাথৰ, চিত্ৰাংকণ, বক্তৃতা প্ৰতিযোগিতা, সাংস্কৃতিক উপ-সমিতিৰ উদ্যোগত অসমীয়া লোক কৃষ্টিৰ কৰ্মশালা আদি অনুষ্ঠিত কৰাৰ ব্যাপক কৰ্মসূচী গ্ৰহণ কৰিছে। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত গোলাঘাট জিলা মহিলা সমিতিৰ সভাপতি, প্ৰাক্তন পৌৰপতি জুৰি দাস ৰাজখোৱা, গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদক ৰূপা শইকীয়া, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উপ-সভাপতি দীপা বৰা, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি ভোগেশ্বৰী চাংমাই,গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাস, গোলাঘাট জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক চন্দন কৰ্মকাৰ,বিশিষ্ট শিক্ষাবিদ ড° তৰালী গগৈ, গোলাঘাট ৰিলায়েন্স কলেজৰ অধ্যক্ষ প্ৰিয়ংকা শইকীয়া, বিশিষ্ট সাংস্কৃতিক কৰ্মী জীনা বৰুৱা, সমাজকৰ্মী চোহানা আলি আহমদা, ৰেকিব শ্বাহ আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানতে সমাজিক অনুষ্ঠান ৱাৰিঅ’ৰ্চৰ ১০ গৰাকী বিষয়ববীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।