ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফলকত ক’লা ৰং সনা পাঁচ সংগঠনৰ পাঁচ নেতাৰ বিৰুদ্ধে গোচৰ গোলাঘাট আৰক্ষীৰ

ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফলকত ক’লা ৰং সনা পাঁচ সংগঠনৰ পাঁচ নেতাৰ বিৰুদ্ধে গোচৰ গোলাঘাট আৰক্ষীৰ

প্ৰকাশ শৰ্মা, গোলাঘাটঃ অসমীয়া ভাষা ব্যৱহাৰ নকৰি ইংৰাজী অথবা অন্য ভাষা ব্যৱহাৰ কৰি নিজা নিজা দোকানত আঁৰি থোৱা ফলকত ক’লা ৰং সনাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে পাঁচ সংগঠনৰ পাঁচজন নেতাৰ বিৰুদ্ধে৷ আনহাতে, সামাজিক বিশৃংখলতা সৃষ্টি কৰাৰ অভিযোগ তুলি আৰক্ষীয়ে গোচৰ তৰাৰ ঘটনাই সংগঠন সমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে সদ্য গঠিত ২১টা সংগঠনৰ যৌথ মঞ্চই বৃহস্পতিবাৰে গোলাঘাট চহৰত এক অভিনৱ কাৰ্যসূচী হাতত লয়৷ গোলাঘাটৰ যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ বিপৰীতে আন ভাষাত নিজৰ নিজৰ প্ৰতিষ্ঠানৰ ফলক আঁৰিছিল সেই সমূহ ফলকত ২১ সংগঠনৰ যৌথ মঞ্চই বৃহস্পতিবাৰে ক’লা ৰং সানি দিয়াৰ পাছতেই আৰক্ষীয়ে যৌথ মঞ্চৰ পাঁচটা সংগঠনৰ পাঁচজন নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিপন গগৈ, টাইপাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক শোভন কোঁৱৰ, জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় নেতা মানৱ গগৈ, আমছু খিলঞ্জীয়াৰ কেন্দ্ৰীয় সভাপতি ঈশ্বাদ হুছেইন আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলাৰ সম্পাদক ৰাজীৱ লস্কৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে তেওঁলোকক থানালৈ তলব কৰে। আৰক্ষীৰ এই গোচৰৰ বিৰুদ্ধে একৈশ সংগঠনৰ নেতৃবৃন্দ সৰৱ হৈ শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰে৷ গোলাঘাটত আয়োজিত এই সংবাদমেলত যৌথ মঞ্চৰ নেতৃবৃন্দই কয় যে আৰক্ষীয়ে তেওঁলোকক বণ্ড চাইন কৰোৱাৰ বাবে ষড়যন্ত্ৰ কৰিছে যদিও কোনো কাৰণত বণ্ড চাইন কৰা নহ’ব৷ আৰক্ষী প্ৰশাসনৰ এনে নীতিক ধিক্কাৰ দিয়াৰ লগতে যৌথ মঞ্চই অনাগত দিনত আন্দোলন তীব্ৰ কৰাৰ হুংকাৰ প্ৰদান কৰে। আনহাতে, ব্যৱসায়ী প্ৰতিষ্ঠানত “জয় আই অসম” আৰু অসমীয়া ভাষাত ফলক লিখিবলৈ বাধ্য কৰোৱাটো যদি অপৰাধ হ’ব পাৰে তেন্তে এনে অপৰাধ হেজাৰ কৰিবলৈ প্ৰস্তুত বুলিও স্পষ্ট কৰে ঐক্য মঞ্চই।

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস