প্ৰথম মিছামৰাৰ ববিতা বৰা, দ্বিতীয় নগাঁৱৰ প্ৰতিভা ভাগৱতী, তৃতীয় কছাৰীহাটৰ নিহা হাজৰিকা
পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বাৰ্তালোচনী ‘আমাৰ গোলাঘাট’ৰ উদ্যোগত আয়োজিত সদৌ অসম মুকলি চুটিগল্প প্ৰতিযোগিতাৰ ১০ স্থানৰ ফলাফল ঘোষণা
মৃদুস্মিতা শৰ্মা,ৰাইজৰ খবৰ ডিজিটেলঃ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ মাহেকীয়া বাৰ্তালোচনী ‘আমাৰ গোলাঘাট’ৰ উদ্যোগত আয়োজিত সদৌ অসম চুটিগল্প প্ৰতিযোগিতাৰ ১০ টা স্থানৰ ফলাফল ঘোষণা কৰা হৈছে । ‘আমাৰ গোলাঘাট’ মাহেকীয়া বাৰ্তালোচনীৰ মুখ্য সম্পাদক দ্বীপেন দত্ত ,কাৰ্যবাহী সম্পাদক দিগন্ত কুমাৰ ভূঞা আৰু সম্পাদক পাৰিজাত বৰুৱাই এক প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰামতে আয়োজিত উক্ত প্ৰতিযোগিতাত দেৰগাঁও মিছামৰাৰ ববিতা বৰুৱাই প্ৰথম স্থান অধিকাৰ কৰিছে( চুটিগল্প ‘মুঠি’) । দ্বিতীয় স্থান অধিকাৰ কৰিছে নগাঁৱৰ প্ৰতিভা ভাগৱতীয়ে( চুটিগল্প ‘ভদীয়া নামৰ প্ৰসাদ’) । তৃতীয় স্থান অধিকাৰ কৰিছে গোলাঘাট জিলাৰ কছাৰীহাটৰ নিহা হাজৰিকাই( চুটিগল্প ‘ বিয়া VS টেট’) । আন সাতটা স্থানত ক্ৰমে যোৰহাট বাহনাৰ মমী বৰা(চুটিগল্প ‘জিলিকনি’, গোলাঘাট ফৰকাটিঙৰ ড° তৰুণ শইকীয়া(চুটিগল্প ‘ৰঙাবাঁহৰ তলৰ টাৰ্জান’),গুৱাহাটী ছয়গাঁৱৰ পিংকু কলিতা(চুটিগল্প ‘পুতলা নাচৰ পুতলাবোৰ’), গোলাঘাটৰ কমলাক্ষী দত্ত( চুটিগল্প ‘সপোন এটাৰ পম খেদি’),গুৱাহাটীৰ ৰঞ্জুলা শৰ্মা(চুটিগল্প ‘বিষন্ন প্ৰহৰ’), শোণিতপুৰ জিলাৰ বামুণ পুখুৰীৰ নিংকু নিশা নেওগ(চুটিগল্প ‘সায়াহ্ন’) আৰু যোৰহাট জিলাৰ তিতাবৰৰ বাস্তৱ বৰা(চুটিগল্প ‘বেঙুনীয়াৰ পৰা ৰঙালৈ’) । বিবৃতিটোত লগতে প্ৰকাশ কৰে উক্ত চুটিগল্প প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্ব পালন কৰে গুৱাহাটীৰ বিশিষ্ট লেখক,সাংবাদিক,গল্পকাৰ, সাহিত্য সমালোচক বিতোপন বৰবৰাই। বঁটা প্ৰাপক সকলক গোলাঘাটত বিশেষ অনুষ্ঠানত ‘আমাৰ গোলাঘাট সাহিত্য বঁটা’ প্ৰদান কৰাৰ লগতে এখনি গল্প সংকলন প্ৰকাশ কৰা হ’ব । বঁটা বিজয়ী প্ৰতিযোগী সকলক বাৰ্তালোচনী ‘আমাৰ গোলাঘাট’ৰ সম্পাদনা সমিতি আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছে ।