গোলাঘাটৰ জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত প্ৰয়োগ হ’ব অসমীয়া ভাষাঃ নৱ-নিযুক্ত আয়ুক্তৰ আদৰণীয় পদক্ষেপ, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিপুল আদৰণি
মৃদুস্মিতা শৰ্মা, গোলাঘাটঃ গোলাঘাট জিলাৰ সকলো চৰকাৰী কাৰ্যালয়ৰ ফাইলৰ নথিৰ লগতে চৰকাৰী কাৰ্যালয়ৰ কম্পিউটাৰত অচিৰেই প্ৰয়োগ হ’ব অসমীয়া ভাষা। গোলাঘাট জিলাৰ আয়ুক্ত হিচাপে নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই এই ঘোষণা জিলা আয়ুক্ত পুলক মহন্তৰ। অসম সাহিত্য সভাৰ ৰাজ্য ভাষা-মাতৃভাষা প্ৰয়োগ উপ-সমিতিৰ জৰিয়তে অসম ৰাজ্যভাষা আইন-১৯৬০ সঠিক প্ৰয়োগৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ উদ্দেশ্যে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই গোলাঘাট জিলাৰ আয়ুক্তক প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে জিলা আয়ুক্ত পুলক মহন্তই।
ইতিমধ্যে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সৈতে এই সন্দৰ্ভত আজি আলোচনাত মিলিত হৈ জিলা আয়ুক পুলক মহন্তই যাৱতীয় নিৰ্দেশনা জাৰি কৰে। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা নৱ-নিযুক্ত জিলা আয়ুক্তক আজি বিপুল আদৰণি জনায়। উক্ত কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা,শাখাৰ সক্ৰিয় সদস্য, গোলাঘাট দেৱৰাজ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° পুতুল চন্দ্ৰ শইকীয়া,শাখাৰ সক্ৰিয় সদস্য, গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বিপুল চন্দ্ৰ ভূঞা,শাখাৰ সম্পাদক স্বাগতা বৰা,শাখাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিৰ আহ্বায়ক দিপ্তী নাথ, শাখাৰ বিষয়ববীয়া, সাংবাদিক প্ৰবীণ কুমাৰ দাস, শাখাৰ বিষয়ববীয়া, সাংবাদিক সৌভিক বৰা, চন্দন কৰ্মকাৰ, পল্লবীকা বৰুৱা, প্ৰশান্ত প্ৰতীম দুৱৰা, পাৰ্থজ্যোতি ৰাজপুত, লাকী ফুকন, বিনীতা দাস, গৌৰী বৰা, জোনালী শইকীয়া, চুমি বৰদলৈ ভৰালী, জ্যেস্না কাকতি ঠাকুৰ, সংগীতা তামূলী, সংগীতা বৰা আদিয়ে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে,অসম ৰাজ্যভাষা আইন-১৯৬০ সুদীৰ্ঘ ৬৩ বছৰে যথাৰ্থ প্ৰয়োগ পৰিলক্ষিত হোৱা নাই। ১৯৬১, ১৯৭০ আৰু ২০০০ চনতো আইনখন সংশোধন ঘটোৱা হয় যদিও সঠিক কাৰ্যকৰী নোহোৱাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা আৰু অসম সাহিত্য সভাৰ ৰাজ্যভাষা-মাতৃভাষা প্ৰয়োগ উপ-সমিতিৰ আহ্বায়ক হেমন্ত কলিতা স্বাক্ষৰিত স্মাৰক পত্ৰ ৰাজ্যৰ জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভা সমূহে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে।