গোলাঘাট প্ৰেছ ক্লাবৰ গৌৰৱময় ৰূপালী জয়ন্তী বৰ্ষ

নুমলীগড় শোধনাগাৰৰ সহযোগত নগৰত স্বচ্ছতা অভিযান, ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সভা, চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন

মৃদুস্মিতা শৰ্মা,ৰাইজৰ খবৰ ডিজিটেলঃ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি গোলাঘাট প্ৰেছ ক্লাবে বৰ্ষজোৰা কৰ্মসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশ বিশেষ ৰূপে প্ৰেছ ক্লাবে যোৱা ১০ ফেব্ৰুৱাৰী তাৰিখে নুমলীগড় শোধনাগাৰৰ সহযোগত গোলাঘাট নগৰত স্বচ্ছতা অভিযানৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আজি শুভাৰম্ভ কৰে।

গোলাঘাট জিলাৰ সাংবাদিক, সংবাদ কৰ্মী, কবি, লেখক আদিৰ উমৈহতীয়া শক্তিশালী সংগঠন প্ৰেছ ক্লাবে সামাজিক দায়বদ্ধতাৰে হাতত লোৱা স্বচ্ছতা অভিযান, ডাষ্টবিন প্ৰতিষ্ঠা কাৰ্যসূচী গোলাঘাট নগৰত শুভাৰম্ভ কৰে গোলাঘাট পৌৰ সভাৰ পৌৰপতি দুলুমণি বৰবৰাই। শুভাৰম্ভণি অনুষ্ঠানত গোলাঘাট পৌৰ সভাৰ উপ-পৌৰপতি সীমান্ত বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।‌

স্বচ্ছতা অভিযান শুভাৰম্ভ কৰি পৌৰপতি দুলুমণি বৰবৰাই প্ৰেছ ক্লাবৰ এনে যোগাত্মক পদক্ষেপৰ ভুয়সী প্ৰশংসা কৰে।‌ ইয়াৰ পাচতেই গোলাঘাট নগৰৰ সমিপৱৰ্তী তুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষানুষ্ঠানখনিৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় স্বচ্ছতা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতা শুভ উদ্বোধন কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা তুলেশ্বৰী বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° পুতুল চন্দ্ৰ শইকীয়াই।

প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট চিত্ৰশিল্পী বেণু শইকীয়া আৰু চিৰস্মৃতা বৰা। প্ৰতিযোগিতাৰ ক শাখাত ডেইজী বৰা আৰু কুকি গগৈয়ে যুটীয়াভাৱে প্ৰথম স্থান, বিস্মিতা বৰা দ্বিতীয়,প্ৰতিক্ষা বৰা তৃতীয় স্থান অধিকাৰ কৰে। উদ্গনি বঁটা লাভ কৰে ইছা চেত্ৰীয়ে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ষ্টাইলীন শইকীয়াই। প্ৰতিযোগিতাৰ ক শাখাত পূজা দৰ্জীয়ে প্ৰথম স্থান, প্ৰিন্সি বৰুৱা দ্বিতীয়,সুজন চেত্ৰীয়ে তৃতীয় স্থান অধিকাৰ কৰে । উদগনি বঁটা লাভ কৰে অংশুমান শইকীয়াই।

গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাৰ সভাপতিত্বত ছাত্ৰ- ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা স্বচ্ছতা আৰু পৰিৱেশ বিষয়ক সজাগতা সভা শুভ উদ্বোধন কৰে তুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ মৃদুপৱন শৰ্মা বৰবৰাই। গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাসে আঁত ধৰা সজাগতা সভাত বিশিষ্ট পৰিৱেশ কৰ্মী, নিৱন্ধকাৰ অনন্ত শইকীয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত সাৱলীল বক্তব্য আগবঢ়ায়।

সভাত মুখ্য অতিথি ৰূপে গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি, অধ্যাপক ড° দেৱজিৎ ফুকন, বিশিষ্ট অতিথি ৰূপে বিশিষ্ট শিক্ষাবিদ ড° পুতুল চন্দ্ৰ শইকীয়া, ড° তৰালী গগৈ আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰাই অংশগ্ৰহণ কৰে । অনুষ্ঠানত প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক ভাস্কৰ বৰা, বিষয়ববীয়া চবিত বিষ্ট, মনোজ বৰুৱা, পল্লৱিকা বৰুৱা, চন্দন কৰ্মকাৰ, ৰাজীৱ কৰ্মকাৰ, দীপক শইকীয়া, প্ৰিন্সিপিয়া ফুকন, নয়নমণি শৰ্মা, নজৰুল হুছেইন, কনক দাস, অনিমেষ বৰুৱা, দিলীপ শইকীয়া আদিৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান