
ৰাজনীতিয়ে বিভেদ সৃষ্টি কৰে, সংস্কৃতিয়ে সকলোকে সাৱটি লয়
অধিৱেশনত ড০ বসন্ত কুমাৰ গোস্বামী
সভাপতি, প্ৰধান সম্পাদক দেৱজিৎ বৰাক বিপুল সম্বৰ্দ্ধনা
মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ জনগোষ্ঠীসমূহৰ পূৰ্ণ বিকাশ হ’লেহে অসম সাহিত্য সভাই পূৰ্ণাংগ ৰূপত আগুৱাই যাব। সেইবাবেই অসম সাহিত্য সভাই জনগোষ্ঠীসমূহৰ আৱেগ অনূভূতি বুজিবলৈ চেষ্টা কৰিব। নৃগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ পৰম্পৰা উপযুক্ত মৰ্যাদা আৰু সন্মান প্ৰদানেৰে অসমৰ সাহিত্যৰ জগতখনক সমৃদ্ধ কৰিবলৈ সভাই ব্যাপক কৰ্মসূচী গ্ৰহণ কৰিব। এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ বিষয়ববীয়াই ত্যাগ স্বীকাৰ কৰিব লাগিব আৰু মন-দেহেৰে সেৱা আগবঢ়াব লাগিব। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট আভিধানিক ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে মন্তব্য কৰে।

গোলাঘাট জিলা পুথিভঁৰালত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শাখাৰ সভাপতি ড০ পুতুল শইকীয়াই সভাপতিত্ব কৰা মুকলি সভাত তেওঁ আৰু কয় যে মনে বিচাৰিলে মানুহে সকলো কামেই কৰিব পাৰে। শাখা সাহিত্য সভাই চাহমেলৰ যোগেদি সংশ্লিষ্ট অঞ্চলটোৰ সাহিত্য উত্তৰণৰ আদ্দা সৃষ্টি কৰক। বিতৰ্কৰ অৱসান শেষ কৰিবলৈ বিষয়ববীয়া সকলে সাৰ্বিক বিকাশৰ বাবে দেহে কেহে খাটিব লাগিব। অসমীয়া ভাষাত লিখা আৰু কোৱা ব্যক্তিৰ সংখ্যা বাঢ়িব লাগিব; শিশু অৱস্থাতেই এই প্ৰক্ৰিয়াৰ আৰম্ভণি কৰাবলৈ অসম সাহিত্য সভাই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সামাজিক মাধ্যমত তথ্যহে উপলব্ধ হয় কিন্তু তত্ত্ব উদঘাটন কৰিবলৈ এক পৰিশিলীত অধ্যয়ন ব্যৱস্থাৰে অগ্ৰসৰ হোৱা অতিকৈ প্ৰয়োজন । তেওঁ আৰু কয় যে আড়ম্বপূৰ্ণ আয়োজনৰে সকলোকে একত্ৰিত কৰি বৃহৎ অধিৱেশনৰ সফল সমাপ্তিয়ে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই নিজৰ সক্ৰিয়তা প্ৰদৰ্শন কৰিছে, এয়াই অসম সাহিত্য সভাৰ সকলো সভাই গ্ৰহণ কৰা উচিত। শাখা সম্পাদক স্বাগতা বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ মাহেকীয়া বাৰ্তালোচনী ‘আমাৰ গোলাঘাট’ৰ শুভ উন্মোচন কৰে। উন্মোচনী ভাষণত প্ৰধান সম্পাদক গৰাকীয়ে কয় যে অসম সাহিত্য সভা সকলোৰ হৃদয়ৰ অনুষ্ঠান; এই অনুষ্ঠানক ঐক্যবদ্ধ প্ৰচেষ্টাৰে আগুৱাই নিবলৈ সকলো দায়বদ্ধ হ’ব লাগিব। কেৱল নেতিবাচক সমালোচনাই সভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যত্ন কৰা উচিত নহয়। বিদায়ী ভাৰপ্ৰাপ্ত সভাপতি ভোগেশ্বৰী চাংমায়ে নৱনিৰ্বাচিত সভাপতি ড০ পুতুল শইকীয়াক মুকলি সভাত আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে ক্ৰমে নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা ,পৌৰপতি দুলুমণি বৰবৰা, গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বিপুল চন্দ্ৰ ভূঞা, অসম সাহিত্য সভাৰ কুঁহি আহ্বায়ক শংকুসিদ্ধ নাথ, সংগঠক নৱ ৰাজন, অধ্যাপক দেৱজিৎ ফুকন, সাহিত্যিক,বোলছবি পৰিচালক নুৰুল চুলতান, ডাঙৰীয়াৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৱিত্ৰ বৰবৰা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি অভিৱৰ্তন গোস্বামী, উপ-পৌৰপতি সীমান্ত বৰা, গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দুলাল চন্দ্ৰ দাস, আটছা, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইক, আটছা জিলা সমিতিৰ সম্পাদক সুশীল কালান্দী, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱা, গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাস প্ৰমুখ্যে ভালেমান ব্যক্তি উপস্থিত থাকে। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈ, সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰা, গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদক ৰূপা শইকীয়া, গোলাঘাট জিলা মহিলা সমিতিৰ সভানেত্ৰী জুৰি দাস ৰাজখোৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গোলাঘাট জিলা সমিতিৰ সভাপতি বাবুল দত্ত, সাধাৰণ সম্পাদক বিদ্যুৎ বৰা, টি,এম,পি,কেৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভূপেন টাইড, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সভাপতি বিপুল বৰা,সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰ, জাতীয় সংগ্ৰামী সেনা,অসমৰ কেন্দ্ৰীয় সম্পাদক মানৱ গগৈ,বীৰ লাচিত সেনা, অসমৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক অভিলাষ বৰা,সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিপন গগৈ, আমছু, খিলঞ্জীয়া,অসমৰ কেন্দ্ৰীয় সভাপতি ইছাদ হুছেইন, সমাজকৰ্মী ৰাজীৱ শইকীয়া, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ইমটিয়াজ হুছেইন ,গোলাঘাট জিলা কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি সঞ্জীৱ শইকীয়াই অতিথি হিচাপে অংশগ্ৰহণ কৰা উক্ত অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি আৰু প্ৰধান সম্পাদকক বিভিন্ন দল-সংগঠন, অনুষ্ঠান -প্ৰতিষ্ঠানে বিপুল সম্বৰ্দ্ধনা জনায়। মুকলি সভা শুভ উদ্বোধন কৰে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক, বিশিষ্ট লেখক, কবি ড° কাজল শইকীয়াই। আদৰণী ভাষণ প্ৰদান কৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাই। উক্ত অনুষ্ঠানতে গোলাঘাটৰ ৫০ শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী, অধ্যক্ষক পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই বিশেষভাৱে সম্বৰ্ধনা জনায় । পুৱা পতাকা উত্তোলন কৰে শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি ভোগেশ্বৰী চাংমায়ে। স্মৃতি তৰ্পণ কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে শাখাৰ সহকাৰী সম্পাদক তনুজ মহন্তই। স্মৃতি তৰ্পণ কৰে কুমকুম চাংমাই,প্ৰতিমা বৰচেতীয়া আৰু দীপা বৰাই। প্ৰতিনিধি সভাত বিশিষ্ট শিক্ষাবিদ ড° পুতুল চন্দ্ৰ শইকীয়াক সভাপতি,দীপা বৰাক উপ-সভাপতি আৰু স্বাগতা বৰা সম্পাদক হিচাপে নিৰ্বাচিত হয় ।