স্বাধীনতা দিৱস ৰেপিড দবা প্ৰতিযোগিতা ২০২৪ সম্পন্ন

স্বাধীনতা দিৱস ৰেপিড দবা প্ৰতিযোগিতা ২০২৪ সম্পন্ন

নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটী দবা একাডেমীয়ে বৃহস্পতিবাৰে আৰ জি বৰুৱা ৰোডত অৱস্থিত একাডেমী চৌহদত এখন ৰেপিড দবা প্ৰতিযোগিতাৰ আয়োজন কৰে। প্ৰতিযোগিতাখনত চাৰিজন ৰেটেড খেলুৱৈকে ধৰি মুঠ ৫৫ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ ৬ ৰাউণ্ডৰ ভিতৰত ৫.৫ পইণ্টৰ আকৰ্ষণীয় স্ক’ৰেৰে কৃতাৰ্থ শইকীয়াই চেম্পিয়ন হয়। অথৰ্ব মহন্তয়ো ৫.৫ পইণ্ট লাভ কৰে যদিও টাই ব্ৰেকৰ স্ক’ৰৰ ভিত্তিত ৰাণাৰ্ছ আপ ঘোষণা কৰা হয়। মণিশংকৰ বায়ন, নীলম কৃষ্ণত্ৰেয় আৰু হৰ্ষিত ৰাভাই ৫ পইণ্টকৈ লাভ কৰি ক্ৰমে ৩য়, ৪ৰ্থ আৰু ৫ম স্থান দখল কৰে। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ছোৱালী হিচাপে নিৰ্বাচিত হয় ঈশানৱী শইকীয়া। বাগ্মিতা বৰেণ্য কাশ্যপ আৰু কাব্যঞ্জলি কাশ্যপে ২য় আৰু ৩য় স্থান দখল কৰে। অনূৰ্ধ্ব ৭ বছৰ শাখাত সূৰ্যংশু শইকীয়াই প্ৰথম স্থান দখল কৰাৰ বিপৰীতে লোকাশ বৰকাকতিয়ে দ্বিতীয় আৰু গৌৰৱ শৰ্মাই তৃতীয় স্থান দখল কৰে। ৯ বছৰ অনুৰ্ধ শাখাত আফ্ৰিন আজিজে প্ৰথম স্থান, আকাংক্ষা কলিতাই দ্বিতীয় আৰু আৰৱ ভাৰতীয়াই তৃতীয় স্থান লাভ কৰে। অনূৰ্ধ্ব ১১ বছৰ শাখাত কুমাৰ অৰ্জুনে প্ৰথম স্থান দখল কৰাৰ বিপৰীতে প্ৰজ্ঞাজ্যোতি শইকীয়া আৰু স্বাগত শৰ্মাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। গুৱাহাটী দবা একাডেমীৰ মুখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰা প্ৰতিযোগিতাখনিৰ ১৩ বছৰ অনুৰ্ধ শাখাত আৰাধ্যা ভৰদ্বাজে প্ৰথম স্থান দখল কৰে৷ আনহাতে, দেৱৰাজ শৰ্মাই দ্বিতীয় আৰু অমৰ্ত্য ৰাজ বৰ্মনে তৃতীয় স্থান দখল কৰে। ১৫ বছৰ অনুৰ্ধ শাখাত শিৱম দত্তই প্ৰথম স্থান লাভ কৰে। সৌৰীশ মণ্ডল আৰু নীল অৰ্ণৱ জি এছ কলিতাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাৰ শেষত বিজয়ী প্ৰতিযোগী সকলক ট্ৰফী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

Related Posts

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস