যশস্বী সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ

বিশিষ্ট সাহিত্যিক আৰু প্ৰকাশকক প্ৰদান কৰি অহা সন্মানীয় ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ আৰু ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’ ঘোষণা কৰা হয়৷ গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰিত এক সংবাদমেলৰ আয়োজন কৰি পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা ঘোষণা কৰে৷ এই বিষয়ে সদৰী কৰি কলিতাই কয় – ২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ৰে সন্মানিত হৈছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি৷ ‘ধাৰ আৰু অন্যান্য গল্প’ শীৰ্ষক গ্ৰন্থখনৰ বাবে ঠংচিলৈ এই বঁটা আগবঢ়োৱা হৈছে৷ এই বঁটাত আছে নগদ ৫ লাখ টকা, প্ৰশস্তি-পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা৷ উল্লেখ্য, ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ লাভ কৰা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ ‘ধাৰ আৰু অন্যান্য গল্প’ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ‘বনলতা’ই৷ সেয়ে ‘বনলতা’লৈ আগবঢ়োৱা হৈছে –‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’৷ প্ৰকাশকৰ বঁটাত আছে নগদ ৩ লাখ টকা, মানপত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা৷
উল্লেখ্য, অসম প্ৰকাশন পৰিষদে ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ বিগত ২০২১ বৰ্ষত ড॰ নন্দিতা দেৱী আৰু ২০২২ বৰ্ষত ড॰ প্ৰণৱজ্যোতি ডেকা আৰু ২০২৩ বৰ্ষত ড॰ ধ্ৰুৱজ্যোতি বৰাক প্ৰদান কৰিছিল৷ সেইদৰে উক্ত দুটা বৰ্ষত প্ৰকাশকৰ বঁটা লাভ কৰা প্ৰকাশন প্ৰতিষ্ঠান তিনিটা হৈছে ক্ৰমে– ‘জ্যোতি প্ৰকাশন’, ¸ ‘বান্ধৱ’ আৰু আসাম পাব্লিচিং কোম্পানী৷
বিচাৰকমণ্ডলীয়ে চূড়ান্ত পৰ্যায়ত নিৰ্বাচন কৰা ৬খন গ্ৰন্থৰ অন্যান্য পাঁচখন গ্ৰন্থ হ’ল– ভূপেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ উপন্যাস ‘বুঢ়াদিয়াৰ পাৰে পাৰে’, দীপক কুমাৰ বৰকাকতিৰ উপন্যাস ‘ঐশ্বৰ্য্য’, সমীৰ তাঁতীৰ কাব্য গ্ৰন্থ ‘ফৰিংবোৰে বাটৰ কথা জানে’ আৰু দেৱব্ৰত দাসৰ উপন্যাস ‘কড়ি খেলাৰ সাধু’৷

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন