বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ যশস্বী কণ্ঠশিল্পী ড° অণিমা চৌধুৰলৈ আগবঢ়োৱা হয় লিলি দেৱী সোঁৱৰণী সাহিত্য-সংস্কৃতি বঁটা। মংগলবাৰে গুৱাহাটীত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিশিষ্ট কণ্ঠশিল্পী আৰু অসমীয়া আধুনিক সংগীতৰ ইতিহাসকাৰ লোকনাথ গোস্বামীয়ে তেখেতৰ ভাষণত অসমীয়া জাতীয় ভাৱসম্পন্ন গীতৰ ধাৰাটোৰ ঐতিহ্যৰ বিষয়ে বিষদভাৱে জনোৱাৰ লগতে এই দিশত অণিমা চৌধুৰীৰ দৰে শিল্পীৰ অৰিহণাৰ বিষয়েও উল্লেখ কৰে। ভাষা, সুৰ আৰু ইমেইজ আদিৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসমীয়া আধুনিক গীতৰ এই ধাৰাটো শক্তিশালী কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেখেতে ভাষণ প্ৰসংগত বিশেষ গুৰুত্ব দিয়ে।

প্ৰয়াত লিলি দেৱীৰ পৰিয়ালৰ হৈ ২০২৫ – বৰ্ষৰ এই বঁটাটি শিল্পীগৰাকীৰ হাতত আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে অনুষ্ঠানৰ মুখ্য অতিথি গোস্বামীয়ে। বঁটাত আছে প্ৰশস্তি পত্ৰ, শৰাই, বঁটা মূল্য, অংগবস্ত্ৰ, জাপি, স্মাৰক আৰু কিতাপৰ টোপোলা। বঁটা গ্ৰহণ কৰি উঠি বিশিষ্ট শিল্পীগৰাকীয়ে কয় যে জাতীয় সংস্কৃতিয়েহে এটা জাতিক অমৰণ অভগন কৰি জীয়াই ৰাখিব পাৰে। সেয়েহে আমাৰ সাংস্কৃতিক বৰপেৰাটোক আমি একেই শক্তিশালী কৰি ধৰি ৰাখিবলৈ সদায় যত্নপৰ হোৱাৰ বিশেষ প্ৰয়োজন আছে। এই ক্ষেত্ৰত তেওঁ নিজেও সচেতন চিত্তে কাম কৰি আছে। বিশেষকৈ আমাৰ লোকগীতৰ অনুপম ভাণ্ডাৰটোক সযতনে জীয়াই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেখেতে গুৰুত্ব প্ৰদান কৰে। ড: দীপকজ্যোতি বৰুৱাই আঁট ধৰা বঁটা প্ৰদান অনুষ্ঠানত “পাঠকৰ পৰা লেখকলৈ মোৰ বিৱৰ্তনৰ স্বকথন” বিষয়ত এক চিত্তাকৰ্ষক বক্তৃতা প্ৰদান কৰে সাহিত্যিক, কলা-সমীক্ষক জ্যোতি খাটনিয়াৰে।
মূল অনুষ্ঠানৰ পূৰ্বে প্ৰয়াত লিলি দেৱীৰ প্ৰতিচ্ছবিৰ সমুখত তেখেতৰ জ্যেষ্ঠ পুত্ৰ তপন কুমাৰ বৰুৱাৰ লগতে আমন্ত্ৰিত অতিথিসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বঁটা প্ৰদান অনুষ্ঠানত অন্যান্যসকলৰ সৈতে উপস্থিত আছিল কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: মৃনাল কুমাৰ বৰা আৰু অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড:উপেন্দ্ৰজিৎ শৰ্মা।

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ