গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ পৰা আহি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় শচীন টেণ্ডুলকাৰ । বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে অনুৰাগীসকলে উষ্ম আদৰণি জনায় ।

প্ৰায় সাতদিনীয়া ভ্ৰমণসূচী হাতত লৈ গুৱাহাটীত উপস্থিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে শচীন টেণ্ডুলকাৰে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পোনে পোনে শ্বিলঙলৈ ৰাওনা হয় শচীন টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে বৰাপানীত দুই নিশা কটাই অহা ৭ আৰু ৮ এপ্ৰিলত কাজিৰঙা ভ্ৰমণ কৰিব । কাজিৰঙাত জীপ আৰু হাতী চাফাৰী কৰিব বুলিও সদৰি কৰে শচীন টেণ্ডুলকাৰে । ইপিনে অহা ৯ এপ্ৰিলত গুৱাহাটীলৈ উভতি গৈ কামাখ্যা দৰ্শন কৰাৰ লগতে পূজা অৰ্চনা কৰাৰ সম্ভাৱনা থকা বুলি জানিবলৈ দিয়ে । ইয়াৰ পিছত এসপ্তাহ ভ্ৰমণ সামৰি অহা ১০ এপ্ৰিলত পুনৰ মুম্বাই অভিমুখে উভতিব শচীন টেণ্ডুলকাৰসহ তেওঁলোকৰ পৰিয়াল ।

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন