যোৰহাটৰ ১৫ বছৰ অনূৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতা সামৰণি
কাকজান উপ-ক্ৰীড়া সন্থাৰ চেম্পিয়ন খিতাপ অৰ্জন
জিতুল কুমাৰ গগৈ, যোৰহাটঃ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অনুমোদিত অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত প্ৰয়াত ৰাজ্যিক ফুটবল খেলুৱৈ ৰুবুল কাকতি সোঁৱৰণীত অনুষ্ঠিত ১৫ বছৰ অনূৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত কাকজান উপ-ক্ৰীড়া সন্থাই ৰঞ্জীত ক্লাৱক ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতাখনৰ চেম্পিয়ন খিতাপ অৰ্জন কৰে। আঠটা দলে যোগদান কৰা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন যোৱা ১ ছেপ্তেম্বৰত অনুষ্ঠিত হয় কাকজান উপ-ক্ৰীড়া সন্থা আৰু ৰঞ্জীত ক্লাবৰ মাজত। খেলখনত কাকজান উপ-ক্ৰীড়া সন্থাৰ হৈ গ’ল দুটা দিয়ে উন্মিলন বৰগোঁহাইয়ে আৰু ৰঞ্জীত ক্লাবৰ হৈ প্ৰজ্ঞানজ্যোতি বৰাই একমাত্ৰ গ’লটো দিয়ে। খেলৰ অন্তত ঠাইতে অনুষ্ঠিত বঁটা বিতৰণি সভাত চেম্পিয়ন দল কাকজান উপ-ক্ৰীড়া সন্থাক ৰঞ্জন কাকতিয়ে আগবঢ়োৱা প্ৰতিযোগিতাখনৰ চেম্পিয়ন ট্ৰফীটো প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী আৰু উপ-সভাপতি ৰিজু কুমাৰ শইকীয়াই। ইফালে ৰাণাৰ আপ দল ৰঞ্জীত ক্লাবক বঁটা প্ৰদান কৰে ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ড, উপ-সভাপতি ললিত বৰা আৰু ৰাজ্যিক খেলুৱৈ নবীন বৰাই।