যোৰহাটত কৃষিভূমি পৰিদৰ্শন কৃষি মন্ত্ৰী অতুল বৰাৰ
জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ খেতি- পথাৰত চৰহা পোকে বৃহৎ ক্ষতিসাধন কৰাৰ পৰিপেক্ষিতত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই এই সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে যোৰহাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ এখন বৈঠকত অংশগ্ৰহণ কৰে।
বৈঠকত জিলা কৃষি বিভাগে কৃষকসকলক সকাহ দিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া যাৱতীয় ব্যৱস্থা সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। সভাত মন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত ধাননি পথাৰসমূহ পোকৰ উপদ্ৰৱৰ পৰা সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষি বিভাগৰ বিষয়া- কৰ্মচাৰীসকলক নিৰ্দেশ প্ৰদান কৰে।
আনহাতে চৰহা পোকৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা কৃষি পথাৰত কৃষি বিভাগে ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কৃষক সকলক পৰ্যাপ্ত ৰাসায়নিক দ্ৰব্য আৰু স্প্রে-মেচিনৰ যোগান ধৰাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
তদুপৰি মন্ত্ৰীগৰাকীয়ে জিলাখনত পিএম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, ডিজিটেল ক্ৰপ ছাৰ্ভেকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কৃষি আঁচনিসমূহৰ ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত বুজ লয়।
ইয়াৰোপৰি টীয়ক কাকজান ভৰলুৱা গাঁৱৰ কৃষি পথাৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ লগত মত বিনিময় কৰাৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰ আৰু আউনীআটী সত্ৰত উপস্থিত হৈ ভগৱানৰ চৰণত আৰ্শীবাদ গ্ৰহণ কৰি সকলোৰে মংগল কামনা কৰে।
মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, জিলা আয়ুক্ত, জিলা কৃষি বিষয়া প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।