জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসমৰ বাবে এটি সু-খবৰ, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিব অসমৰ ঐতিহাসিক স্থান, সম্পদ তথা অসমৰ বৈচিত্ৰ্য। কেন্দ্ৰীয় আঁচনি ‘উন্নয়ণ যোগাযোগ আৰু তথ্য প্ৰচাৰ’ৰ অধীনত প্ৰেছ তথ্য ব্যুৰোৰ (PIB) উদ্যোগত অসমৰ উন্নয়নমূলক কাৰ্যৰ অগ্ৰগতি আৰু চহকী সাংস্কৃতিক ঐতিহ্য দৰ্শন কৰাৰ মানসেৰে গুজৰাটৰ আগশাৰীৰ বিশিষ্ট সংবাদ মাধ্যমৰ এটি দল ছয়দিনীয়া কাৰ্যসূচীৰে যোৱা ২৩ ছেপ্টেম্বৰত অসমত উপস্থিত হৈছিল। দলটিৰ এই ভ্ৰমণৰ প্ৰধান উদ্দেশ্য হৈছে অসমত চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজসমূহ পৰিদৰ্শন কৰাৰ লগতে ৰাজ্যৰ চহকী সাংস্কৃতিক দিশ আৰু বৈচিত্ৰ্যৰ বিষয়ে অৱগত হোৱা। পি আই বি (PIB) গুৱাহাটী আৰু পি আই বি (PIB) আহমেদাবাদৰ বিষয়াৰ নেতৃত্বত অহা সংবাদ মাধ্যমৰ দলটিয়ে আজি যোৰহাটত উপস্থিত হৈ অসমৰ গৌৰৱ জাতীয় মহাবীৰ ‘লাচিত বৰফুকনৰ মূৰ্তি’ পৰিদৰ্শন কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্ধোধন কৰা মহাবীৰ ‘লাচিত বৰফুকনৰ মূৰ্তি’ পৰিদৰ্শন কৰি দলটিয়ে লাচিত বৰফুকনৰ ইতিবৃত্তি সন্দৰ্ভত অৱগত হয়। ঐতিহাসিক শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিত বৰফুকনৰ ৰণকৌশল, মহাপৰাক্ৰম আৰু দুৰ্দান্ত সাহসৰ বিষয়ে দলটিক অৱগত কৰা হয়। উল্লেখ্য যে গুজৰাটৰ বিভিন্ন মিডিয়া হাউচ যেনে টিভি ৯ গুজৰাটী, নৱ গুজৰাট সময়, দিব্য ভাস্কৰ, কচ্চ মিত্ৰ আদিৰ প্ৰতিনিধিয়ে এই মেডিয়া ভ্ৰমণত অংশগ্ৰহণ কৰিছে। সংবাদ মাধ্যমৰ দলটিৰ আজিৰ এই ভ্ৰমণ কালত ন’ডেল বিষয়া তথা জিলা তথ্য আৰু জনসংযোগ বিষয়া, যোৰহাট, পুৰাতত্ত্ব বিভাগৰ কৰ্মচাৰী আৰু পৰ্যটন বিভাগৰ কৰ্মচাৰীয়ে সংগ প্ৰদান কৰে বুলি যোৰহাট জিলা জনসংযোগ বিভাগৰ পৰা জানিব গৈছে।
প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…