জিতুল কুমাৰ গগৈ, যোৰহাটঃ কবিতাক অধিক জনমুখী কৰাৰ লক্ষৰে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ কাব্যানুষ্ঠান অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত শুক্ৰবাৰে সদৌ অসম ভিত্তিত “শৰতৰ আবেলিত কবিতাৰ আমোলমোল শেৱালীʼʼ শীৰ্ষক এখনি ৱেবিনাৰ সভা অনুষ্ঠিত হয়। মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰা আৰু যুটীয়া সম্পাদক শংকুসিদ্ধ নাথে কাৰিকৰী শিল্পকলাৰে আঁতধৰি পৰিচালনা কৰা দৃশ্য-শ্ৰাৱ্য-ভ্ৰাম্যভাষী বিশেষ ডেৰ ঘণ্টীয়া উক্ত অনুষ্ঠানটি উদ্বোধন কৰে অসমৰ এগৰাকী পৰিচিত চিকিৎসক তথা কবি ডাঃ নিৰঞ্জন দাসে। মাজুলী জিলা কবি সন্মিলনৰ সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সঞ্চালনাত মাজুলীৰ নতুন খলিহামাৰিৰ ‘কাব্য-কানন’ৰ পৰা নিয়ন্ত্ৰিত সভাখনত লক্ষীমপুৰ জিলা কবি সন্মিলনৰ সম্পাদক ড০ তৰুণ চন্দ্ৰ বৰা, মাজুলী জিলা কবি সন্মিলনৰ উপ-সভাপতি মুনিন টায়ে, যোৰহাটৰ বিশিষ্ট সাংবাদিক তথা কবি জিতুল কুমাৰ গগৈ, শিক্ষক কৌশল্যা বায়ন শইকীয়া, বিমান সাগৰ নাথে বিশিষ্ট অতিথি কবি হিচাপে অংশগ্ৰহণ কৰি কবিতা পাঠ কৰাৰ লগতে নিজৰ বক্তব্য ৰাখে। জিলা সম্পাদক কবি পাপু বৰাই উদ্দেশ্য ব্যাখ্যা কৰা বৰ্ণিল সভাখনৰ আৰম্ভণিতে শিশুশিল্পী অৰ্পিতা হাজৰিকাৰ আধুনিক গীত, ঢোল-বাদক জীৱন গন্ধীয়া ওজাৰ খুহুতীয়া কবিতা, পদ্ম বৰাৰ গীতি-কবিতাৰ লগতে একুঁৰি কবিৰ কবিতা পাঠে অনন্য মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানটিত সাংবাদিকদ্বয় বিকাশ শইকীয়া, ইভাৰাণী গোস্বামী, অনিৰ্বাণ দত্ত, ৰাজেন পায়েং, ৰেবিকা বৰুৱা, নিতু শৰ্মা প্ৰমুখ্যে অসমৰ বিভিন্ন স্থানৰ পৰা ভালেসংখ্যক সাহিত্যপ্ৰেমীৰ অংশগ্ৰহণত জীপাল হোৱা বেৱিনাৰ সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল পৰিসমাপ্তি হয়।
প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…