আগন্তুক দুর্গোৎসৱ, কালী পূজা আৰু ষট্ পূজা উদযাপন সন্দৰ্ভত যোৰহাট জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনা
জিতুল কুমাৰ গগৈ, যোৰহাটঃ আগন্তুক দুর্গোৎসৱ, কালী পূজা আৰু ষট্ পূজা উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি পূজা সমিতিৰ বিষয়ববীয়াসকলৰ লগত যোৰহাট জিলা প্ৰশাসনৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলাখনত শান্তি-শৃংখলা অটুট ৰাখি নিয়াৰিকৈ পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বৈঠকত কিছু সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ সিদ্ধান্ত অনুসৰি সকলো পূজা উদযাপন সমিতিয়ে পূজা উদযাপনৰ ক্ষেত্ৰত অসম প্রদূষণ নিয়ন্ত্রণ বর্ডে জাৰি কৰা শেহতীয়া নির্দেশনাৱলী মানি চলাটো বাধ্যতামূলক কৰাৰ লগতে সকলো পূজা উদযাপন সমিতিয়ে বৈদ্যুতিক সংযোগৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL), যোৰহাট আৰু জ্যেষ্ঠ বৈদ্যুতিক পৰিদৰ্শক, যোৰহাটৰ পৰা আগতীয়াকৈ অনুমতি লোৱাটো বাধ্যতামূলক৷ তদুপৰি, লোকনির্মাণ বিভাগ (গৃহ), যোৰহাট আৰু অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগ, যোৰহাটৰ পৰা যাৱতীয় সক্ষমতাৰ প্রমাণ পত্র (Fitness Certificate) লোৱাটো বাধ্যতামূলক। উল্লেখযোগ্য যে পূজা উদ্যাপন সমিতিযে যিকোনো ব্যক্তি অথবা অনুষ্ঠান-প্ৰতিষ্ঠানৰপৰা বলপূর্বকভাৱে বৰঙণি/চান্দা সংগ্ৰহ কৰিব নোৱাৰিব। এইক্ষেত্রত যিকোনো অভিযোগ দৃষ্টিগোচৰ হ’লে পূজা উদযাপন সমিতিৰ বিৰুদ্ধে আইনগতভাৱে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হ’ব। সকলো পূজা উদযাপন সমিতিয়ে যোৰহাট জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, যোৰহাট জিলা দুর্যোগ প্রশমন কর্তৃপক্ষৰ কণ্ট্ৰল ৰুমৰ নম্বৰ, আৰক্ষী প্ৰশাসনৰ যোগাযোগ নম্বৰ, অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগ, যোৰহাটৰ যোগাযোগ নম্বৰ, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ কণ্ট্ৰল ৰুমৰ নম্বৰ তথা জৰুৰীকালীন চিকিৎসা সেৱাৰ যোগাযোগ নম্বৰৰ লগতে প্রত্যেক পূজা সমিতিৰ চাৰিজনকৈ বিষয়-ববীয়াৰ যোগাযোগ নম্বৰ পূজাৰ মণ্ডপত দর্শনার্থীৰ সুবিধার্থে দৃশ্যমান (Display) হোৱাকৈ লগাই ৰাখিব লাগিব। সকলো পূজা উদযাপন সমিতিযে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱক নিয়োগ কৰাটো বাধ্যতামূলক। পূজাৰ প্রতিমা নির্মাণত Natural Clay, Natural Dye আৰু Biodegradable Materials ব্যৱহাৰ কৰিব লাগিব৷ পূজা সমিতিয়ে পূজাৰ মণ্ডপত বা যিকোনো ক্ষেত্রত Thermocolৰ ব্যৱহাৰ কৰিব নোৱাৰিব। পথৰ ওপৰত কোনো ধৰণৰ পূজাৰ মণ্ডপ সাজিব নোৱাৰিব। কোনো ধৰণৰ পূজাৰ মণ্ডপ বিদ্যুত পৰিবাহী তাঁৰ (Transmission Line)ৰ তলত বা কাষত সাজিব নোৱাৰিব। পূজাৰ মণ্ডপসমূহ আহল-বহল হোৱাৰ উপৰিও পূজা উদযাপন সমিতিয়ে পূজাৰ বেদীৰ চাৰিওফালে বেৰিকেডৰ ব্যৱস্থা কৰিব লাগিব। পূজাত ব্যৱহাৰ কৰিবলগীয়া প্ৰসাদ উৎকৃষ্ট মানৰ হোৱাৰ লগতে প্ৰসাদ বিতৰণৰ ক্ষেত্ৰত সকলো পূজা সমিতিযে বিশেষ মনোযোগ দিব লাগিব। প্রসাদ বিতৰণত নিষিদ্ধ প্লাষ্টিকৰ প্লেট (Plastic Plate) ব্যৱহাৰ কৰিব নোৱাৰিব। পূজা সমিতিয়ে পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথক প্রৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰিব লাগিব। পূজা সমিতিয়ে পূজাৰ মণ্ডপত পৰ্যাপ্ত পৰিমাণে স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে উক্ত স্থানত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পূজা সমিতিয়ে নিয়োগ কৰিবলগীয়া স্বেচ্ছাসেৱকৰ তালিকা আৰক্ষী প্ৰশাসনৰ ওচৰত নিশ্চয়কৰণ (Verification)ৰ বাবে দাখিল কৰিব লাগিব আৰু পূজা সমিতিয়ে যোগ্য স্বেচ্ছাসেৱকক পৰিচয় পত্র প্রদান কৰিব লাগিব। পূজা সমিতিয়ে পূজাৰ মণ্ডপত পৰ্যাপ্ত পৰিমাণে পোহৰৰ ব্যৱস্থা কৰিব লাগিব। লগতে পূজা মণ্ডপৰ চৌপাশে (৫০ মিটাৰ দূৰত্বলৈ) পোহৰৰ ব্যৱস্থা কৰিব লাগিব, পূজা মণ্ডপত ব্যৱহাৰ কৰা বৈদ্যুতিক সা-সৰঞ্জামসমূহ BIS (Bureau of Indian Standard) মানৰ হ’ব লাগিব তথা পূজা মণ্ডপত যাৱতীয় RCCB/ELCBৰ ব্যৱস্থা ৰাখিব লাগিব। সকলো পূজা সমিতিয়ে প্রয়োজনীয় জেনেৰেটৰ ছেট (Generator Set) মজুত ৰাখিব লাগিব, পূজা সমিতিয়ে পূজাৰ মণ্ডপত CCTV Camera স্থাপনৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব লাগিব। পূজা সমিতিয়ে মহামান্য উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুযায়ী ধার্য কৰা উচ্চ প্রাবল্যৰ শব্দ-যন্ত্র নিশা ১০ বজাৰ পৰা পুৱা ৮ বজালৈকে ব্যৱহাৰ কৰিব নোৱাৰিব। পূজাৰ অঞ্জলি প্রদান, প্রসাদ বিতৰণ আৰু সন্ধ্যা আৰতিৰ সময়ত জন সমাগম সম্বন্ধীয় বিষয়ত কঠোৰ নিয়ন্ত্রণ কৰিব লাগিব। পূজা সমিতিযে পূজাত কোনো ধৰণৰ মেলা অনুষ্ঠিত কৰিব নোৱাৰিব। পূজাৰ প্ৰতিমা বিসর্জনৰ সময়ত কোনো ধৰণৰ শোভাযাত্ৰা কৰিব নোৱাৰিব। প্রতিমা বিসর্জনৰ ক্ষেত্রত প্রশাসনে বান্ধি দিয়া নিয়ম সমূহ মানিব লাগিব আৰু প্রতিমা বিসর্জন সূৰ্যাস্তৰৰ পূর্বে সম্পন্ন কৰিব লাগিব। বিসর্জন ঘাটত কোনো ধৰণৰ প্লাষ্টিক, Non-Biodegradable Materials বিসর্জন কৰিব নোৱাৰিব। ব্রহ্মপুত্র নদীত কোনো ধৰণৰ প্ৰতিমা বিসর্জন কৰিব নোৱাৰিব। পূজা সমিতিয়ে পূজা মণ্ডপত চাফ-চিকুণতা বৰ্তাই ৰখাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ডাষ্টবিনৰ ব্যৱস্থা কৰাৰ লগতে পূজাৰ শেষত পূজা মণ্ডপসমূহ পৰিষ্কাৰ কৰিব লাগিব। পূজাৰ মণ্ডপসমূহৰ চৌপাশ ধঁপাতমুক্ত অঞ্চল (Tobacco Free Zone) হিচাপে গণ্য কৰা হ’ব আৰু এইক্ষেত্ৰত পূজা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব। পূজা সমিতিয়ে পূজা মণ্ডপত একোটাকৈ First Aid Box ৰাখিব লাগিব লগতে পূজা সমিতিয়ে পূজা মণ্ডপত Public Address Systemৰ ব্যৱস্থা কৰিব লাগিব। পূজা সমিতিয়ে পূজা মণ্ডপত পৰ্যাপ্ত পৰিমাণৰ Fire Extinguisher, বালি, পানী তথা অগ্নি নির্বাপনৰ যাৱতীয় সামগ্ৰী মজুত ৰাখিব লাগিব আৰু পূজা সমিতিয়ে পূজা মণ্ডপৰ সন্মুখত Hand Sanitizer ব্যৱস্থা কৰিব লাগিব। কেন্দ্রীয় পূজা সমন্বয়ৰক্ষী সমিতিয়ে সকলো পূজা সমিতিৰ লগত সমন্বয় ৰক্ষা কৰি চলাৰ লগতে পূজা সুচাৰুৰূপে উদ্যাপন কৰাৰ লক্ষ্যৰে এটা WhatsApp Group খুলিব লাগিব। গতিকে সকলো পূজা সমিতিকে নীতি-নির্দেশনা সমূহ মানি চলি শান্তি-শৃংখলা বৰ্তাই ৰাখি জিলাখনত সুচাৰুৰূপে পূজা উদযাপন কৰিবলৈ জিলা দণ্ডাধীশ তথা জিলা আয়ুক্ত গৰাকীয়ে আহ্বান জনায়।