যোৰহাট জিলা দবা প্ৰতিযোগিতাৰ সামৰণি

৯ আৰু ১৩ বছৰ অনূৰ্দ্ধ বয়স ভিত্তিত দবা প্ৰতিযোগিতাৰ সফল সামৰণি

জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট জিলা দবা সন্থাৰ উদ্যোগত যোৱা ১৮, ২৫ আৰু ২৬ আগষ্টত তিনিদিনীয়া কাৰ্যসূচীয়ে অনুষ্ঠিত হোৱা যোৰহাট জিলা ৯ বছৰ অনূৰ্দ্ধ (মুকলি-ছোৱালী) আৰু ১৩ (মুকলি-ছোৱালী) বছৰ অনূৰ্দ্ধ শাখাৰ দবা প্ৰতিযোগিতাখন আজি সফলতাৰে সামৰণি পৰিছে। যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ ১২২ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ৯ (মুকলি) বছৰ অনূৰ্দ্ধ শাখাত আৰ্জিত আলয় হাজৰিকাই প্ৰথম, আৰৱ বিশ্বকৰ্মাই দ্বিতীয়, অভিউদয় লহকৰে তৃতীয় আৰু জেনন গগৈয়ে চতূৰ্থ স্থান লাভ কৰে। আনহাতে ৯ বছৰ অনূৰ্দ্ধ ছোৱালী শাখাত ডেলিছা আহমেদ জিলানীয়ে প্ৰথম, অনিন্দিতা খনিকৰে দ্বিতীয়, আদ্ৰিজা খনিকৰে তৃতীয় আৰু শ্ৰীৰ্জা পলে চতুৰ্থ স্থান লাভ কৰে। ১৩ বছৰ অনূৰ্দ্ধ (মুকলি) শাখাত বুদ্ধিস্বত্ব ভৌমিকে প্ৰথম, গুৰ্ণানভ গগৈয়ে দ্বিতীয়, ছৈয়দ জাবিৰ হামদানে তৃতীয় আৰু বৰ্ণিল হাজৰিকাই চতুৰ্থ স্থান লাভ কৰে । ইফালে ১৩ বছৰ অনূৰ্দ্ধ ছোৱালী শাখাত বৃষ্টিকংকনা নায়কে প্ৰথম, প্ৰাচী কোঁৱৰে দ্বিতীয়, লুইতপ্ৰিয়া ভৰালীয়ে তৃতীয় আৰু অন্বেষা গোস্বামী চতুৰ্থ স্থান লাভ কৰে। আজি খেলৰ অন্তত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ বঁটা বিতৰনী অনুষ্ঠানটি আঁত ধৰে সন্থাৰ সদস্য নিৰ্মল গগৈয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকি পুৰষ্কাৰ সমূহ প্ৰদান কৰে ক্ৰমে সন্থাৰ উপ-সভাপতিদ্বয় শিৱৰঞ্জন শৰ্মা আৰু মুকুল চেতিয়া, সম্পাদক মাধূৰ্য ভৰালী, সন্থাৰ সদস্য তথা দবা প্ৰশিক্ষক আব্দুছ ছাদ্দিক আৰু নিলাভজ্যোতি বৰঠাকুৰে। প্ৰতিযোগিতাখন পৰিচালনা কৰে ৰাষ্ট্ৰীয় আৰ্বিটাৰ অভিষেক বৰঠাকুৰে আৰু সহযোগ কৰে ক্ৰমে যামিনী মোহন বৰুৱা, উৎপল বৰা, আছিফ ইকবাল হাজৰিকা আৰু নিলাভ জ্যোতি বৰঠাকুৰে। উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানতে স্থানপ্ৰাপ্ত সকলো খেলুৱৈকে ট্ৰফী আৰু মানপত্ৰৰে সন্মানিত কৰাৰ লগতে আগন্তুক সদৌ অসম দবা প্ৰতিযোগিতাত যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা প্ৰদান কৰা হ’ব বুলি সন্থাই সভাতে অৱগত কৰে।

Related Posts

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস