যোৰহাটত কৃষকৰ নিজা উৎপাদিত বিক্ৰীকেন্দ্ৰ “শ্ৰীভূমি” শুভাৰম্ভ

ৰাজীৱ-জয়ন্ত-অৰুণৰ প্ৰচেষ্টাই থলুৱা কৃষকলৈ কঢ়িয়াইছে সুখৰ বাৰ্তা
যোৰহাটত কৃষকৰ নিজা উৎপাদিত বিক্ৰীকেন্দ্ৰ “শ্ৰীভূমি” শুভাৰম্ভ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ আপুনি বাৰু এজন কৃষি নিৰ্ভৰশীল গাঁৱৰ বা নগৰৰ কৃষক নেকি ? শিল্পী বা শিপিনী নেকি ? আপুনি আপোনাৰ দ্বাৰা উৎপাদিত শাক-পাচলি, চাউল-দাইল, ধান-মাহ, বস্ত্ৰ বিক্ৰী কৰি পৰিয়াল চলোৱাৰ সপোন দেখিছে, কিন্তু আপুনি নিজে হাটত হৈ বিক্ৰী কৰিবলৈ সময় নাই বা আপুনি সেইটো কাম কৰিব নোৱাৰে তেনে আপুনি বিপাঙত পৰিছে। এতিয়া আপুনি বিপাঙত পৰিব নালাগে, চিন্তা কৰিব নালাগে, আপুনি হাটলৈ গৈ বস্তু বিক্ৰী কৰি ঘুৰি ফুৰিবগৈ নালাগে, ক’ত বিক্ৰীব চিন্তা কৰিব নালাগে, আপুনি মাত্ৰ উৎপাদন কৰক আৰু এডোখৰ নিৰ্দ্দিষ্ট স্থানত নিজে গৈ বা খবৰ দিলে প্ৰতিষ্ঠানে গৈ লৈ অনাৰ ব্যৱস্থা থকা প্ৰতিষ্ঠানটিত দিয়ক আৰু টকা উপাৰ্জন কৰক।

সেই স্থান ডোখৰ হ’ল যোৰহাট নগৰৰ পশ্চিম দিশৰ কটকী পুখুৰীৰ সমীপতে স্থাপন হৈছে ‘শ্ৰীভূমি’ নামৰ এটি প্ৰতিষ্ঠান। এই শ্ৰীভূমিয়ে বজাৰৰ উচিত মূল্যত ক্ৰয় কৰে আমাৰ থলুৱা কৃষক, শিপিনী, শিল্পী সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী সমূহ আৰু তেওঁলোকে নিজা ব্যৱস্থাৰে বজাৰত বিক্ৰী কৰে। যাৰ ফলত কৃষক সকল লাভৱাম্বিত হোৱাৰ লগতে সেই প্ৰতিষ্ঠানটোৰ যোগেদিও ভালেসংখ্যক থলুৱা নিৱনুৱা উপকৃত হ’বলৈ সক্ষম হোৱাত শ্ৰীভূমিয়ে যথেষ্ট অৰিহণা যোগাইছে। উল্লেখ্য যে, এসময়ৰ সফল ছাত্ৰনেতাৰূপে জনপ্ৰিয় অৰ্জন কৰা যোৰহাটৰ যুৱক ৰাজীৱ বৰা, জয়ন্ত বৰুৱা আৰু অৰুণ বৰাই বৰ্তমান কৃষি উদ্যোগৰ জড়িয়তে নিজৰ লগতে প্ৰতিষ্ঠানটিৰ প্ৰশাসনিক দিশত দুজন, উৎপাদকৰ দিশত দুজন আৰু বিক্ৰীৰ দিশত দুজন মুঠ ছয়জন লোকক সংস্থাপন দিয়াৰ উপৰিও কৃষক ৰাইজক স্বাৱলম্বি কৰি তোলাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)ৰ সহায়ত যোৰহাট জিলাখনৰ বৃহত্তৰ উত্তৰ-পশ্চিম যোৰহাট কৃষক উৎপাদক প্ৰতিষ্ঠানৰ উদ্যোগত স্থাপিত হোৱা গ্ৰাম্য বজাৰ শ্ৰীভূমিৰ প্ৰতিষ্ঠানটি আজি পুৱাতে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নাবাৰ্ডৰ অসম আঞ্চলিক কাৰ্যালয়ৰ পৰিচালক নবীন কুমাৰ ৰয়ে।

কৃষি, কুটিৰ শিল্প, বয়ন শিল্পৰ উদ্যোগী সকলৰ দ্বাৰা উৎপাদিত স্থানীয় সামগ্ৰীৰ বিপননৰ লক্ষ্যৰে স্থাপন কৰা উক্ত বিক্ৰীকেন্দ্ৰত সকলো উৎপাদক আৰু গ্ৰাহকৰ বাবে নিৰ্ভৰযোগ্য এটি প্ৰতিষ্ঠান হিচাপে গঢ়ি উঠাতো তেখেতে কামনা কৰাৰ লগতে অসীম উদ্যোগেৰে কৰা এনে কামৰ দ্বাৰা উত্তৰ-পশ্চিম যোৰহাট কৃষক উৎপাদক প্ৰতিষ্ঠানটি কৃষক সকলৰ এটা বৃহৎ কোম্পানীহৈ পৰিব বুলি আশা ব্যক্ত কৰাৰ উপৰিও কৃষক সকলে দীৰ্ঘম্যাদী সপোন লৈ কৃষক উৎপাদক প্ৰতিষ্ঠানৰ সৈতে সংযুক্ত হ’বলৈ আহবান জনাই। উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকি যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীযে কৃষক প্ৰতিষ্ঠাটোৰ উক্ত প্ৰচেষ্টাক সলাগ লয় আৰু কৃষক সকলক আগুৱাই নিয়াৰ বাবে প্ৰয়োজনীয় সহায় জিলা প্ৰশাসনৰ তৰফৰ পৰাও আগবঢ়োৱা আশ্বাস দিয়ে।

অনুষ্ঠানটিত কৃষ্ণগুৰু আধ্যাত্মীক বিশ্ববিদ্যালযৰ উপাচৰ্য ড০ তৰণ চন্দ্ৰ বৰা, জিলা কৃষি বিষয়া, মহকুমা কৃষি বিষয়া, অসম কৃষি বিশ্ববিদ্যালযৰ তৰফৰ পৰা ড০ সুন্দৰ বৰ্মন, ড০ হৰিন্দ্ৰ গগৈ, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ বিমল বৰা, বিভিন্ন বিভাগৰ বিষয়া, কৃষক সকলে অংশগ্ৰহন কৰে। উল্লেখযোগ্য যে, উত্তৰ-পশ্চিম যোৰহাট কৃষক উৎপাদক প্ৰতিষ্ঠানটোৱে নাবাৰ্ডৰ সহায়ত ৰূপায়ণ কৰা আদৰ্শ মিলেট প্ৰকল্পৰ অধিনত মিলেটৰ উৎপাদন, প্ৰক্ৰীয়াকৰণ আৰু বিপনন আৰম্ভ কৰি কৃষক সকললৈ এক আশাৰ বতৰা কঢ়িযাই আনিবলৈ সক্ষম হৈছে।

মিলেটৰ পৰা তৈয়াৰী বিভিন্ন সামগ্ৰীৰ বিপনন আৰম্ভ কৰাৰ উপৰিও মিঠাতেল, চাহ, মৌ, কলখাৰ, বিভিন্ন বিধৰ পিঠা, ঘৰুৱা চাউল, উখোৱা চাউল, শীতল পানীয়, কাপোৰ আদিৰ বিপনন আৰম্ভ কৰিছে। প্ৰতিষ্ঠানটোৰ সামগ্ৰী ক্ৰয়ৰ বাবে অ’ এন জি চি নামৰ প’টেলত অনলাইনতো উপলব্ধ থকা শ্ৰীভূমি প্ৰতিষ্ঠানটি দৈনিক পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে সামগ্ৰী বিক্ৰী কেন্দ্ৰ মুকলি থকা শ্ৰীভূমিৰ দ্বাৰা এই উৎপাদক প্ৰতিষ্ঠানটিৰ অংশীদাৰ নোহোৱা অন্য কৃষক, শিল্পী, শিপিনীসকলৰ দ্বাৰা উৎপাদিত, তৈয়াৰী সামগ্ৰী আদিও বিপনন কৰাৰ সুবিধা থকাত শ্ৰীভূমি সকলোৰে বাবে এখন উমৈহতীয়া মঞ্চলৈ ৰূপান্তৰ হ’ব বুলি শুভাৰম্ভ অনুষ্ঠানটোত উপস্থিত থকা সকলো ৰাইজে আশা প্ৰকাশ কৰাৰ লগতে উদ্যোগতা ৰাজীৱ, জয়ন্ত আৰু অৰুণ এই ত্ৰিমূৰ্ত্তিৰ এনে প্ৰচেষ্টাক একমুখে শলাগ জনাইছে।

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস