জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাটত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাটত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
আছুৰ উদ্যোগত সাংবাদিকক সম্বৰ্ধনা

জিতুল কুমাৰ গগৈ, যোৰহাটঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সমগ্ৰ দেশৰ সমান্তৰালকৈ যোৰহাটতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। এই উপলক্ষে যোৰহাট প্ৰেছ ক্লাৱত যোৰহাট জিলা-প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু যোৰহাট প্ৰেছ ক্লাৱৰ সহযোগত ‘সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ’ সন্দৰ্ভত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। প্ৰেছ ক্লাৱৰ সভাপতি অশোক বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাই ভাষণ প্ৰদান কৰি বৰ্তমান সময়ত সংবাদ মাধ্যমৰ প্ৰাসংগিকতা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায়।

সভাত মুখ্য বক্তাৰ ভাষণ প্ৰদান কৰে দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা বসুন্ধৰাৰ সম্পাদক শাংকৱ কৌশিক বৰুৱাই। এই বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বিষয়বস্তু ‘সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে। বক্তাগৰাকীয়ে গোটেনবাৰ্গৰ ছপাশালত ছপা মাধ্যমে প্রাণ পাই উঠাৰ পৰা বা তাতোকৈও আগৰে পৰা আজি পর্যন্ত সংবাদ মাধ্যমৰ এই দীঘলীয়া ইতিহাস সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায়। বিশেষকৈ ভাৰতবৰ্ষত সংবাদ মাধ্যমৰ আৰম্ভণিৰ পৰা বৰ্তমান পৰ্যায়লৈকে হোৱা পৰিৱৰ্তন সন্দৰ্ভত বিতংভাৱে আলোকপাত কৰি সাংবাদিকৰ দ্বায়িত্ব আৰু কৰ্তব্যবোধৰ বিষয়েও বক্তাগৰাকীয়ে উল্লেখ কৰে। সভাত জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্ত, তথ্য আৰু জনসংযোগ বিভাগৰ আঞ্চলিক বিষয়া ত্ৰিদিব নন্দন বৰা, যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়া, বিশিষ্ট লেখিকা ৰাজলক্ষ্মী শৰ্মা গোস্বামীয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানত জিলাখনৰ অধিকসংখ্যক সাংবাদিক উপস্থিত থাকে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰজত সেনে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানৰ আঁত ধৰে সাংবাদিক বিৰাজ বৰুৱাই। ইফালে আজিৰ এই দিৱস উদযাপন অনুষ্ঠানৰ অন্তত যোৰহাট জিলা আছুৰ বিষয়বব্বীয়াই যোৰহাটৰ সাংবাদিক সকলক একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান