ফুটবল খেলুৱৈ মানৱ দত্তৰ মৃত্যুত
যোৰহাটত গভীৰ শোকৰ ছাঁ
জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাটৰ এজন উদীয়মান ফুটবল খেলুৱৈৰ মুত্যুৱে ম্লান কৰিছে সমগ্ৰ যোৰহাটৰ খেলজগত। পশ্চিম যোৰহাটৰ দহোটীয়া নিবাসী প্ৰশান্ত দত্ত আৰু মাইনা দত্তৰ একমাত্ৰ পুত্ৰ মানৱ দত্ত কালি পুৱতি নিশা ৪:৩০ বজাত এক পথ দুৰ্ঘটনাত মৃত্যুক আকোঁৱালি লয়। জানিব পৰা মতে ১৫ নৱেম্বৰ তাৰিখে ঘৰৰ পৰা ৰাওনা হোৱা মানস মাজুলীৰ ৰাস মহোৎসৱ উপভোগ কৰি ছয় গৰাকী সতীৰ্থৰ সৈতে বাইকেৰে ঘুৰি অহা অৱস্থাত মৰাণত ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু হয়। ১৯ বছৰীয়া মানৱ দত্ত আছিল এজন সুদক্ষ ফুটবল খেলুৱৈ। পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থা, দহোটীয়া ইষ্টাৰ্ণটিক ক্লাব, গুৱাহাটী বৰ্ষাপাৰা ক্লাবৰ হৈ বি ডিভিজন আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ‘এ’ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাত ইষ্টাৰ্ণটিক ক্লাবৰ হৈ আজি অনুষ্ঠিত হ’বলগীয়া খেলত অংশ গ্ৰহণ কৰা কথা আছিল মানস দত্তৰ। ইয়াৰ উপৰিও পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল মানসে। কালি মানসৰ মৃত্যুৰ বাতৰি যোৰহাট জিলা ক্ৰীড়া সন্থা অৱগত হোৱাত কালি কল্যাণী খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া ‘এ’ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ আৰম্ভণি খেলখন স্থগিত ৰাখে। মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে যোৰহাটৰ ক্ৰীড়া মহলত গভীৰ শোকৰ ছাঁ পৰে। সোণাৰি চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা কৰি কালি সন্ধিয়া ৭ বজাত পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ খেল পথাৰত পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সভাপতি ৰবীন শইকীয়া, সাধাৰণ সম্পাদক অজিত বড়া, ফুটবল সভাপতি জীৱকান্ত বৰা লগতে বহু লোক সমবেত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। ইয়াৰ পিছত যোৱা নিশাই ৭.৩০ বজাত দহোটীয়া খেল পথাৰত প্ৰায় দুই শতাধিকৰো অধিক স্থানীয় খেলুৱৈ, ক্ৰীড়া সংগঠক উপস্থিত হৈ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সহ সম্পাদক দিগন্ত দত্ত, ইষ্টাৰ্ণটিক ক্লাবৰ সভাপতি সাধাৰণ সম্পাদক ক্ৰমে অবিনাশ বৰুৱা, দেৱজিৎ ফুকন, উত্তৰ পশ্চিম উপ ক্ৰীড়া সন্থাৰ হৈ উপেন সন্দিকৈ, যোৰহাট টাউন ক্লাৱৰ হৈ খেলুৱৈ অভিনৱ দত্ত, ক্ৰীড়া সংগঠক বিদ্যুৎ বৰচেতীয়া, দিব্যজ্যোতি দত্ত ওপৰিও অসংখ্য গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মানস দত্তৰ মৃত্যুত যোৰহাট জিলা ক্ৰীড়া সন্থা, ইষ্টাৰ্ণটিক ক্লাব, যোৰহাট টাউন ক্লাব, পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থা, উত্তৰ পশ্চিম উপ-ক্ৰীড়া সন্থাই। উল্লেখযোগ্য যে, মানস দত্তই দহোটীয়া জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ ক্ৰিচেন্ট একাডেমী পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ স্নাতক নামভৰ্তি কৰিছিল যদিও আগষ্ট মাহত যোৰহাট উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ড্ৰিজেল বিভাগত নামভৰ্তি কৰিছিল শিক্ষাৰ জীৱন আগুৱাই নি আছিল।