ৰাজকাৰেং ৰক্ষা কৰোঁ আহক কাৰ্যসূচীৰেআহোমৰ ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং প্রস্তাবিত ক্ষেত্রত প্ৰতিবাদ

ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং আৰু ঐতিহাসিক কীর্তিচিহ্ন উদ্ধাৰ সমিতিৰ উদ্যোগত

ৰাজকাৰেং ৰক্ষা কৰোঁ আহক কাৰ্যসূচীৰে
আহোমৰ ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং প্রস্তাবিত ক্ষেত্রত প্ৰতিবাদ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ আহোম ৰাজ্যৰ শেষ ৰাজধানী তথা বৰ্তমানৰ যোৰহাট জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্য্যালয়ৰ চৌহদত ৰাজধানীৰ ঐতিহ্য সংৰক্ষণৰ বাবে প্ৰস্তাৱিত ভূমিত অন্য কোনো ধৰণৰ নির্মাণ কার্য নকৰিবলৈ বাৰম্বাৰ আবেদন কৰাৰ পাছতো এক বিশেষ চক্ৰই উক্ত স্থানত নিৰ্মাণকাৰ্য আৰম্ভ কৰিবলৈ চেষ্টা চলোৱা কাৰ্য বন্ধ কৰাৰ দাবীত ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং আৰু ঐতিহাসিক কীর্তিচিহ্ন উদ্ধাৰ সমিতিৰ উদ্যোগত ‘ৰাজকাৰেং ৰক্ষা কৰোঁ আহক’ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাৱল কৰি তুলে।

আজি প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বেই উক্ত স্থানত ৰাজকাৰেঙৰ বাদে অন্য কোনো নিৰ্মাণ কাৰ্য নৰকিবলৈ সদৌ তাই আহোম ছাত্র সন্থা (আটাছু), যোৰহাট জিলা সমিতিৰ লগতে যোৰহাটৰ বিভিন্ন সংগঠন-অনুষ্ঠানৰ অনুৰোধ ক্রমে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মালৈ যোৱা ১৩-১০-২০২৩ তাৰিখে যোৰহাটৰ মাজমজিয়াত থকা তাহানিৰ আহোম ৰাজধানীৰ ৰাজকাৰেংস্থিত ভেটিত অনুষ্ঠিত ৰাজহুৱা সভাত বৰ্ত্তমান যোৰহাটৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্য্যালয় থকা ভূমিত (দাগ নং-১৮৯২-মুঠ মাটি ১২ বিঘা ৩ কঠা ১২ লোচা) ৰাজকাৰেঙৰ ঐতিহ্য সংৰক্ষণ প্রকল্প আদি নির্মাণৰ কাম হ’ব বুলি ৰাজহুৱাভাবে ঘোষণা কৰিছিল।

তেখেতৰ এই ঘোষণাত সমগ্র যোৰহাটবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে সেই সময়ত তেখেতক ধন্যবাদ জনাইছিল। অন্যহাতেদি সেই ৰাজকাৰেঙৰ লগত জড়িত সংগঠন সমূহক এই সম্পর্কত সেই ঠাইত সাম্ভাব্য প্রকল্প সমূহ নির্বাচন কৰি দাখিল কৰিবলৈ কৈছিল, লগতে সেই সভাত উপস্থিত থকা স্বাস্থ বিভাগৰ যুটীয়া সঞ্চালক মহোদয়ক সেই চৌহদত ভৱিষ্যতে কোনো ধৰণৰ নতুন নির্মাণ কাৰ্য্য নকৰিবলৈ নির্দেশ দিছিল। তেখেতৰ সেই ঘোষণাৰ ভিত্তিত উক্ত স্থানত ভবিষ্যতে নির্মাণ কৰিব লগা এখন সাম্ভাব্য প্রকল্পৰ তালিক প্রস্তুত কৰি যোৱা ২৪-০১-২০২৪ তাৰিখে “ঐতিহাসিক শেষ বাজধানীৰ ৰাজকাৰেং আৰু ঐতিহাসিক কীর্তিচিৎ উদ্ধাৰ সমিতি”ৰ দ্বাৰা যোৰহাটৰ তদানিন্তন জিলা আয়ুক্ত মহোদয়ৰ যোগেদি মুখ্যমন্ত্রীলৈ প্রেৰণ কৰিছিল।

উল্লেখযোগ্য যে, স্বর্গদেউ গৌবিনাথ সিংহ (১৭৯৪-১৭৯৫), স্বৰ্গদেউ কমলেশ্বৰ সিংহ (১৭৯৫-১৮১০), স্বর্গদেউ চন্দ্রকান্ত সিংহ (১৮১০-১৮১৮) প্রথমবাৰ, স্বৰ্গদেউ ব্রজনাথ সিংহ (১৮১৮-১৮১৮), স্বৰ্গদেউ পুৰন্দৰ সিংহ (১৮১৮-১৮১৯) প্ৰথমবাৰ, স্বৰ্গদেউ চন্দ্রকান্ত সিংহ (১৮১৯-১৮২১) দ্বিতীয়বাৰলৈ আৰু স্বৰ্গদেউ যোগেশ্বৰ সিংহ (১৮২১-১৮২৬)। আহোম স্বৰ্গদেউসকলে বৃটিছৰ কৰতলীয়া হিচাপেও ১৮৩৮ চনৰ ১৬ ছেপ্টেম্বৰলৈকে আহোম ৰাজ্য শাসন কৰিছিল। গতিকে এই যোৰহাটকে আহোম ৰাজ্যৰ ৰাজধানী হিচাপে লৈ ১৭৯৪ চনব ১৬ মার্চব পৰা ১৮২৬ চনৰ ২৪ ফেব্রুৱাৰী লৈকে স্বাধীনভাবে ছয়জন স্বর্গদেউৱে মুঠ ৩১ বছৰ ১০ মাহ ১৮ দিন ৰাজত্ব কৰি যোৱা স্থানত ৰাজকাৰেং নিৰ্মাণৰ বাদে ৰাজকাৰেঙৰ ঐতিহ্য সংৰক্ষণৰ বাবে প্রস্তাবিত ভূমিত অন্য কোনো নিৰ্মাণ কাৰ্য হ’বলৈ দিয়া নহ’ব বুলি আজি প্ৰতিবাদী কাৰ্যসূচীৰে সকলোকো পক্ষকে সকীয়াই দিছে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান