যোৰহাটত ১৫ বছৰ অনূৰ্দ্ধ য়ুথ ফুটবল লীগ প্ৰতিযোগিতা আৰম্ভ

যোৰহাটত ১৫ বছৰ অনূৰ্দ্ধ য়ুথ ফুটবল লীগ প্ৰতিযোগিতা আৰম্ভ
ৰঞ্জিত ক্লাব আৰু চৰাইবাহী উপ-ক্ৰীড়া সন্থা ছেমিত প্ৰৱেশ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অনুমোদিত অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত ১৫ বছৰ অনূৰ্দ্ধ য়ুথ ফুটবল লীগ প্ৰতিযোগিতাখন আজিৰ পৰা আৰম্ভ হৈছে। প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হয় লীগৰ দহখনকৈ খেল। আঠটা দলে যোগদান কৰা প্ৰতিযোগিতাখন প্ৰয়াত ৰাজ্যিক ফুটবল খেলুৱৈ ৰুবুল কাকতি সোঁৱৰণীত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি প্ৰথমখন খেল ৰঞ্জিত ক্লাব আৰু চৰাইবাহী উপ-ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত হয় আৰু উক্ত খেলখন ২-০ গ’লৰ ব্যৱধানত ৰঞ্জিত ক্লাব জয়ী হয়। দ্বিতীয়খন খেল অনুষ্ঠিত হয় টীয়ক উপ-ক্ৰীড়া সন্থা আৰু ৰেডিয়েণ্ট ক্লাবৰ মাজত অনুষ্ঠিত হয় আৰু উক্ত খেলখন গ’ল শূণ্য ভাৱে ড্ৰ হয়। তৃতীয়খন খেল অনুষ্ঠিত হয় অল ষ্টাৰ ফুটবল ক্লাব আৰু পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ মাজত আৰু উক্ত খেলখন গ’ল শূণ্য ভাৱে ড্ৰ হয়। চতুৰ্থখন খেল অনুষ্ঠিত হয় কাকজান উপ-ক্ৰীড়া সন্থা আৰু যোৰহাট টাউন ক্লাবৰ মাজত আৰু উক্ত খেলখনো গ’ল শূণ্য ভাৱে ড্ৰ হয়। পঞ্চম খেলথন চৰাইবাহী উপ-ক্ৰীড়া সন্থা আৰু অল ষ্টাৰ কুটবল ক্লাবৰ মাজত উক্ত খেলখনত চৰাইবাহী ১-০ গ’লৰ ব্যৱধানত জয়ী হয়। ষষ্ঠখন খেল অনুষ্ঠিত হয় কাকজান উপ-ক্ৰীড়া সন্থা আৰু ৰেডিয়েণ্ট ফুটবল ক্লাবৰ মাজত আৰু উক্ত খেলখন গ’ল শূণ্য ভাৱে ড্ৰ হয়। সপ্তমখন খেল অনুষ্ঠিত হয় টীয়ক উপ-ক্ৰীড়া সন্থা আৰু যোৰহাট টাউন ক্লাবৰ মাজত আৰু উক্ত খেলখন টীয়কে ৩-০ গ’লৰ ব্যৱধানত জয়ী হয়। অষ্টম খেলখন অনুষ্ঠিত হয় পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থা আৰু ৰঞ্জীত ক্লাবৰ মাজত আৰু উক্ত খেলখনত ৰঞ্জিত ক্লাবে ৪-০ গ’লৰ ব্যৱধানত জয়ী হয়। নৱমখন খেল অনুষ্ঠিত হয় ৰঞ্জিত ক্লাব আৰু অল ষ্টাৰ ফুটবল ক্লাবৰ মাজত আৰু উক্ত খেলখনত ৰঞ্জিত ক্লাবে ৬-০ গ’লৰ ব্যৱধানত জয়ী হয়। অন্তিম খেলখন অনুষ্ঠিত হয় যোৰহাট টাউন ক্লাব আৰু ৰেডিয়েণ্ট ক্লাবৰ মাজত আৰু উক্ত খেলখনত ৰেডিয়েণ্টে ২-০ গ’লৰ ব্যৱধানত জয়ী হয়। প্ৰতিযোগিতাখনৰ আজিৰ ফলাফল অনুসৰি ‘এ’ গ্ৰুপত ৰঞ্জিত ক্লাব চেম্পিয়ন হোৱাৰ লগতে ৰাণাৰ্চ আপ হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে চৰাইবাহী উপ-ক্ৰীড়া সন্থাই। ইফালে গ্ৰুপ ‘বি’ খেল সমূহ আজি সম্পূৰ্ণ নহ’ল সেয়েহে উক্ত খেল সমূহ অহা দেওবাৰে অনুষ্ঠিত হোৱাৰ উপৰিও উক্ত দিনাই প্ৰতিযোগিতাখনৰ ছেমি আৰু চূড়ান্ত খেলখনো অনুষ্ঠিত হ’ব বুলি সন্থাই জনাইছে। আজি প্ৰতিযোগিতাখন উদ্বোধন কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে, লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ফুটবল বিভাগৰ চেয়াৰমেন দ্বীজেন শইকীয়া, ফুটবল বিভাগৰ সম্পাদক হেমিদুৰ ৰহমান, সহকাৰী সম্পাদক দিগন্ত দত্তকে মুখ্য কৰি ক্ৰীড়া সন্থাৰ অন্যান্য বিষয়ববীয়া সকল।

Related Posts

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস