সদৌ অসম কবি সন্মিলনৰ বিভিন্ন বঁটাৰ বাবে আহ্বান

প্ৰচাৰ বিভাগ, সদৌ অসম কবি সন্মিলন, যোৰহাটঃ পাদপ্ৰদীপৰ অন্ধকাৰত লুকাই থকা প্ৰতিভাসম্পন্ন কবিসকলক একেখন মঞ্চতে একত্ৰিত কৰি এক সুস্থ কাব্যিক পৰিমণ্ডল সৃষ্টি কৰাৰ মানসেৰে পৃথিৱীৰ কবি ৰাম গগৈৰ প্ৰচেষ্টাত বহুকেইগৰাকী কাব্য-মনীষীৰ সহযোগত ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত কাব্যনগৰী নামৰূপত কেৱল কবি আৰু কবিতাৰ বাবে জন্মলাভ কৰা ‘সদৌ অসম কবি সন্মিলন’ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ বৃহৎ জাতীয় কাব্য সংগঠন। প্ৰতিষ্ঠা কালৰে পৰা এই বৃহৎ জাতীয় অনুষ্ঠানটিয়ে সুদীৰ্ঘ সাতত্ৰিছ বছৰে অসমৰ কাব্যজগতত ভিন ভিন কাৰ্যসূচী সম্পাদন কৰি কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বিগত বৰ্ষসমূহৰ দেৰ এইবােৰা সদৌ অসম কবি সন্মিলনৰ সপ্তদশ শিৱসাগৰ অধিবেশনত অসমৰ কাব্যৰ পথাৰলৈ অৱদান আগবঢ়োৱা কবি-সাহিত্যিকসকলক তেখেতসকলৰ সাধনাৰ বাবে সদৌ অসম কবি সন্মিলনৰ ‘পৃথিৱীৰ কবি ৰাম গগৈ কাব্য বঁটা’, ‘কবিপ্ৰাণ আনন্দ দত্ত কাব্য বঁটা’, ‘কাব্যপ্ৰাণ চুজাউদ্দিন আহমদ কাব্য বঁটা’, ‘অবনী চক্ৰবৰ্তী কাব্য বঁটা’, ‘বেণু চিৰিং বঁটা’, ‘সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি কাব্য বঁটা’, ‘সম্প্ৰীতি (টুকটুক) শইকীয়া সোঁৱৰণী বছৰৰ শ্ৰেষ্ঠ যুৱ কবিৰ সন্মান’, ‘কাব্যশ্ৰী হাজৰিকা উদগনিমূলক বঁটা’, ‘আলহাজ চৈয়দ আমান উল্লাহ শিশু কাব্য বঁটা’, ‘পৰেশমল্ল বৰুৱা সোঁৱৰণী অনুবাদ কাব্যগ্ৰন্থ বঁটা’ (সকলো বয়সৰ বাবে মুকলি)প্ৰদান কৰা হ’ব। পৃথিৱীৰ কবি ৰাম গগৈ কাব্য বঁটাৰ বাবে ২০২৩-২৪ বৰ্ষত প্ৰকাশিত কাব্যগ্ৰন্থৰ তিনিটা কপি, কবিপ্ৰাণ চুজাউদ্দিন আহমদ কাব্য বঁটাৰ বাবে চল্লিশ বছৰ অনূৰ্ধ্বৰ কবিৰ ২০২৩-২৪ বৰ্ষত প্ৰকাশিত কাব্যগ্ৰন্থৰ তিনিটা কপি, ত্ৰিশ বছৰ অনূৰ্ধ্ব কবিৰ পঁচিশটা কবিতাৰ পাণ্ডুলিপিৰ ভিত্তিত ‘অবনী চক্ৰবৰ্তী কাব্য বঁটা’, ২০২৩-২৪ বৰ্ষত প্ৰকাশিত এখন আলোচনাত্মক গ্ৰন্থৰ বাবে ‘বেণু চিৰিং বঁটা’, দহটা সন্ত্ৰাসবিৰোধী কবিতাৰ পাণ্ডুলিপিৰ ভিত্তিত পঁচিশ বছৰ অনূৰ্ধ্ব কবিক ‘সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি কাব্য বঁটা’ আৰু বিশ বছৰ অনূৰ্ধ্ব কবিৰ ২০২৩-২৪ বৰ্ষত প্ৰকাশিত কাব্যগ্ৰন্থৰ ভিত্তিত ‘কাব্যশ্ৰী হাজৰিকা উদগনিমূলক বঁটা’, পঁচিশটা কবিতাৰ পাণ্ডুলিপিৰ ভিত্তিত ওঠৰ বছৰ অনূৰ্ধ্ব কাব্যচৰ্চাকাৰীক ‘আলহাজ চৈয়দ আমান উল্লাহ শিশু কাব্য বঁটা’, পৰেশমল্ল বৰুৱা সোঁৱৰণী (সকলো বয়সৰ বাবে মুকলি) অনুবাদ কাব্যগ্ৰন্থ বঁটা আৰু এগৰাকী চল্লিশ বছৰ অনূৰ্ধ্ব কবিক সম্প্ৰীতি (টুকটুক) শইকীয়াৰ সোঁৱৰণত বছৰটোৰ শ্ৰেষ্ঠ যুৱ কবিৰ সন্মান প্ৰদান কৰা হ’ব। এই বঁটাসমূহৰ বাবে অসমৰ ইচ্ছুক কবি, সাহিত্যিকৰ পৰা কাব্যগ্ৰন্থ, আলোচনাত্মক গ্ৰন্থ, কবিতাৰ পাণ্ডুলিপিৰ তিনিটাকৈ কপি, বায়’ডাটা, বয়সৰ প্ৰমাণ-পত্ৰসহ (প্ৰয়োজনসাপেক্ষে) অহা ২২ ডিচেম্বৰ, ২০২৪ তাৰিখৰ ভিতৰত পোৱাকৈ চৈয়দ পাৰভিজ হুচেইন, প্ৰধান সম্পাদক, সদৌ অসম কবি সন্মিলন, সংস্কৃতি প্ৰকাশন, মক্‌তব্‌ স্কুলৰ সন্মুখত, মহাত্মা গান্ধী পথ, যোৰহাট-১ এই ঠিকনাত প্ৰেৰণ কৰিবলৈ সদৌ অসম কবি সন্মিলনৰ প্ৰচাৰ বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান