যোৰহাটত নতুন ৰেচন কার্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ শুভাৰম্ভণি

জিতুল কুমাৰ গগৈ, যোৰহাটঃ ১৫ ডিচেম্বৰ তাৰিখে গুৱাহাটীস্থ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অংশ হিচাপে নতুন বিধানসভা সমষ্টিভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ ৪৯ টা বিধানসভা সমষ্টিৰ সমান্তৰালকৈ যোৰহাট জিলাৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণিৰ পোনপটীয়া সম্প্ৰচাৰ হয়।

ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ অংশস্বৰূপে আজি ৯৯ নং টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকজান কলা কৃষ্টি কেন্দ্ৰত মুখ্য অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, টীয়ক বিধানসভা সমষ্টিৰ বিধায়িকাৰ প্ৰতিনিধি বিকাশ শইকীয়া উপস্থিত থাকি অতিৰিক্ত জিলা আয়ুক্ত মগেন নৰহ, সহকাৰী আয়ুক্ত, প্ৰমুখ্যে জিলা-প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি হয়। আনহাতে ১০০ নং যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মুখ্য অতিথি হিচাপে উপস্থিত থাকি যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, অতিৰিক্ত জিলা আয়ুক্ত অভিজিত গগৈ আৰু জিলা-প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হয়।

তদুপৰি ১০১ নং মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাঁহচৰা পূবেৰুণ কলা কৃষ্টি কেন্দ্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অতিৰিক্ত জিলা আয়ুক্ত দ্বীপময় ঠাকুৰীয়া, মৰিয়নি ৰাজহ চক্ৰ বিষয়া আৰু জিলা-প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হয়। ইয়াৰোপৰি ১০২ নং তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বোকাহোলা খেলপথাৰত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, তিতাবৰ সম জিলা আয়ুক্ত বিপাঞ্চী‍ দত্ত, তিতাবৰ ৰাজহ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত প্ৰমুখ্যে প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হয়।

  • Related Posts

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰাম-এ যৌথভাৱে যোৱা ৩০ মাৰ্চত বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান কৰে৷…

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    জনগণৰ সুৰক্ষা অবিহনে বিশ্বৰ জনগণৰ চিনাকি নাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়াও সুৰক্ষিত নহয় ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ ক্ষেত্ৰত কেৱল বনবিভাগৰ লোকৰে নহয়, স্থানীয় জনগণৰো ভূমিকা অপৰিসীম৷…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান