আজু, যোৰহাট জিলা সমিতি-সাংবাদিক কল্যাণ নিধিৰ উদ্যোগত দেৱকুমাৰ বৰা সোঁৱৰণী ফেল’শ্বিপ প্ৰদান

জিলাখনৰ পাঁচ হ’কাৰক সম্বৰ্ধনা

ইলেকট্ৰ’নিক মাধ্যম- সামাজিক মাধ্যমৰ উত্তৰণৰ পিছতো ছপা মাধ্যমৰ গুৰুত্ব শেষ হোৱা নাইঃ ডঃ সৌমিত্ৰ পূজাৰী

জিতুল কুমাৰ গগৈ, যোৰহাটঃ সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিৰ উদ্যোগত আজি যোৰহাটত ২০২৪ বৰ্ষৰ দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপ প্ৰদান কৰা হয় । এই অনুষ্ঠানৰ লগতে এক বক্তৃতানুষ্ঠানো অনুষ্ঠিত হয় । পুৱা আজু যোৰহাট জিলা সমিতিৰ সভাপতি যোগেশ ওজাই পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্য্যসূচী মুকলি কৰে । ইয়াৰ পিছতেই যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহত সভাপতি যোগেশ ওজাৰ সভাপতিত্বত আজুৰ যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা অনুষ্ঠিত হয়।

সাংবাদিক কল্যাণ নিধিৰ সম্পাদক- জ্যেষ্ঠ সাংবাদিক নৱজ্যোতি বৰাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত চৰাইদেউ জিলাৰ দূৰদৰ্শনৰ সাংবাদিক নবুল কোঁৱৰক দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । ‘কৃষিভিত্তিক উদ্যোগৰ জৰিয়তে যুৱ-সৱলীকৰণত সংবাদ মাধ্যমৰ ভূমিকা’ শীর্ষক গৱেষণা পত্ৰৰ বাবে এই ফেল’শ্বিপ প্ৰদান কৰা হয়। উল্লেখ্য যে আজুৰ যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিৰ উদ্যোগত গঠিত দুজনীয়া বিশেষজ্ঞ সমিতিৰ তত্বাৱধানত দূৰদৰ্শনৰ সাংবাদিক নবুল কোঁৱৰে অবিভক্ত শিৱসাগৰ জিলাক সামৰি এই অধ্যয়ন কৰিছিল। যোৱা ছমাহ ধৰি কৰা ক্ষেত্ৰ ভিত্তিক অধ্যয়নেৰে নবুল কোঁৱৰে এই গৱেষণাপত্ৰ প্ৰস্তুত কৰে আৰু গৱেষণাপত্ৰ গৱেষণা তত্বাৱধায়কক প্ৰদান কৰে । বিশেষজ্ঞ সমিতিৰ অনুমোদন ক্ৰমে নবুল কোঁ‌ৱৰে এই ফেল’শ্বিপ লাভ কৰে । এই ফেল’শ্বিপত নগদ ২০ হেজাৰ টকা, এখন স্বীকৃতি পত্ৰ, এটি স্মাৰক, এখন চেলেং, গামোচাৰ লগতে উপহাৰ প্ৰদান কৰা হয়। আজি এই স্বীকৃতি লাভ কৰি ফেল’শ্বিপ প্ৰাপক নবুল কোঁৱৰে এই বিষয়ত অধ্যয়ন কৰি লাভ কৰা অভিজ্ঞতা বৰ্ণনা কৰি এই অধ্যয়নে অনাগত জীৱনত তেওঁক সাংবাদিক জীৱনত প্ৰভূত সহায় কৰিব বুলি উল্লেখ কৰে । তেওঁ লগতে এই সুযোগ দিয়াৰ বাবে উদ্যোক্তাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । ইপিনে, বিশেষজ্ঞ সমিতিৰ অন্যতম সদস্য ড° নীলিমা বৰাই দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল’শ্বিপ সম্পৰ্কত বহলাই কোৱাৰ লগতে নবুল কোঁৱৰৰ অধ্যয়ন আৰু গৱেষণা পত্ৰখনৰ আভাস দিয়ে । গাম্ভীৰ্যপূৰ্ণ সভাখনত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি চিনামৰা অ’ এন জি চিৰ ভাৰপ্ৰাপ্ত মহা প্ৰবন্ধক তথা কৰ্প’ৰেট যোগাযোগ বিভাগৰ জয়শ্ৰী শইকীয়াৰ লগতে যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত অভিজিত গগৈয়েও বক্তব্য প্ৰদান কৰি আজু যোৰহাট জিলা সমিতিৰ এনে কাৰ্য্যৰ শলাগ লয় । জয়শ্ৰী শইকীয়াই সাংবাদিক কল্যাণ নিধিৰ সহযোগী হোৱাৰো আশ্বাস প্ৰদান কৰে । আনহাতে, সাংবাদিক কল্যাণ নিধিৰ সভাপতি – তথা প্ৰবীন সাংবাদিক ললিত বৰাই প্ৰয়াত দেৱকুমাৰ বৰাৰ জীৱন আৰু কৃতিৰ বিষয়ে আলোকপাত কৰে । ইফালে, এই সভাতেই ‘অসমৰ সংবাদ সেৱাৰ ঐতিহ্য আৰু প্ৰত্যাহ্বান’ শীৰ্ষক এক বক্তৃতানুষ্ঠানো অনুষ্ঠিত হয় । বক্তৃতানুষ্ঠানত যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ড° সৌমিত্ৰ পূজাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ‘পৰিবৰ্তনশীল পৰিস্থিতিত আৰু যান্ত্রিকতাৰ ফলত সংবাদ ক্ষেত্ৰলৈ গভীৰ প্ৰত্যাহ্বান আহিছে বুলি উল্লেখ কৰে । এই প্ৰত্যাহ্বান অহাটো স্বাভাৱিক বুলি উল্লেখ কৰি তেওঁ কয় কোনোবা খিনিত হয়তো কম্প্রমাইজ কৰা হৈছে । কিন্তু তাৰ মাজতো সাংবাদিকতাৰ ন্যূনতম নীতি বৰ্তাই ৰখা উচিত বুলি মন্তব্য কৰে ড° পূজাৰীয়ে। তেওঁ কয়- বৰ্তমান ইলেক’ট্ৰনিক আৰু সামাজিক মাধ্যমৰ দ্ৰুত উত্তৰনেও ছপা মাধ্যমলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে, কিন্তু তাৰ পাছতো ছপা মাধ্যমৰ গুৰুত্ব শেষ হৈ যোৱা নাই। বাতৰি কাকত আনবোৰ মাধ্যমতকৈ কি পৃথক, কিয় পৃথক তাক উলিয়াই ৰাইজৰ মাজলৈ লৈ যাব লাগিব । অৰুণোদয়, আসাম বিলাসিনীৰ পৰা আৰম্ভ কৰি অসমৰ সংবাদ মাধ্যমৰ গৌৰবময় ঐতিহ্য ব্যাখ্যা কৰি তেওঁ সাংবাদিক সকলে পঢ়া-শুনা কৰিব লাগিব বুলি উল্লেখ কৰে । বাতৰিৰ সম্পৰ্কত ন্যূনতম জ্ঞান নাথাকিলে সাংবাদিকে কিদৰে ভাল বাতৰি কৰিব বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়, একোতে সফল হ’ব নোৱাৰি সাংবাদিক হবলৈ অহাটো সাম্প্ৰতিক সময়ত এটা গুৰুতৰ বিষয় হৈ পৰিছে । কিন্তু ই মুঠেই গ্ৰহণযোগ্য হব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে । প্ৰসংগক্ৰমে তেওঁ কয়, ৰাজনীতিকে সংবাদ প্ৰতিষ্ঠান ক্ৰয় কৰাটো নতুন কথা নহয়, এতিয়াও কিনিছে আগতেও কিনিছিল। তাৰ মাজতো সাংবাদিকসকলে ন্যূনতম নীতিত সাংবাদিকতা কৰা উচিত বুলি উল্লেখ কৰি তেওঁ অসমৰ সংবাদ জগতৰ পুৰোধা ব্যক্তি লক্ষ্মীনাথ ফুকনৰ উল্লেখ কৰি তেওঁৰ বৰ্ণময় সাংবাদিক জীৱনৰ কথা বৰ্ণনা কৰে । এই অনুষ্ঠানতে জিলাখনৰ কেবাজনো হ’কাৰক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্দ্ধিত হ’কাৰ কেইজনে ক্ৰমে মৰিয়নিৰ প্ৰদীপ চক্ৰৱৰ্তী, যোৰহাট পুলিবৰৰ চন্দ্ৰকান্ত বৰা, কাকজানৰ যতীন বৰা আৰু টীয়ক মুদৈজানৰ নোমল চন্দ্ৰ বৰা । ইয়াৰ পূৰ্বে বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথে এটি মংগলাচৰনে শুভাৰম্ভ কৰা সভাখনত দেৱকুমাৰ বৰাৰ প্ৰতিচ্ছবিত তেওঁৰ সহধৰ্মিনী বৰ্ণালী বৰাই বন্তি প্ৰজ্জ্বলন কৰাৰ অন্তত অতিথিসকলে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । সভাখনত জিলাখনৰ শতাধিক লোক উপস্থিত থাকে ।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান