যোৰহাটত তাইচাবৰ উদ্যোগত কেন্দ্ৰীয় মে-ডাম-মে-ফী সম্পন্ন

ৰজামৈডামলৈ বৰ্ণাঢ্য শোভাযাত্ৰাসহ মৈডাম তৰ্পণ
ডাঃ বিপিন খঙীয়াক ‘দাতাৰত্ন’ বঁটা প্ৰদান

জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাটৰ ঐতিহাসিক ৰাজমাও বৰপুখুৰীৰ পাৰত অৱস্থিত জয়া ভৱনত তাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতি (তাইচাব)ৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় মে-ডাম-মে-ফী অনুষ্ঠানটি। কাৰ্যসূচী অনুসৰি ৩০ জানুৱাৰীত পুৱা ন বজাত তাইচাবৰ খ্ৰীঙকা (পতাকা) উত্তোলন কৰে তাইচাবৰ সভাপতি চাও অৱনি কুমাৰ চেতিয়াই। বিয়লি অনুষ্ঠিত হয় পয় ফুৰালুং আৰু সন্ধিয়ালৈ অন্তৰংগ আলাপ। ৩১ জানুৱাৰীৰ পুৱা ন বজাত দেওঘৰত সমূহীয়া বন্তি প্ৰজ্বলনৰ পাছতেই অনুষ্ঠিত হয় ৰজামৈডামলৈ বৰ্ণাঢ্য শোভাযাত্ৰাসহ ৰজা মৈডাম তৰ্পণ অনুষ্ঠান। শোভাযাত্ৰা উদ্বোধন কৰে অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা মানচাও বিনোদ বাইলুঙে আৰু ৰজা মৈডাম তৰ্পণ কৰে যোৰহাটস্থিত উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড০ বিমলা প্ৰসাদ বৰুৱাই।

এঘাৰ বজাৰ পৰা মলুং ক্ষীৰোদ গগৈৰ পৰিচালনাত আৰম্ভ হয় পয় মে-ডাম-মে-ফীৰ পাছতেই অনুষ্ঠিত কেন্দ্ৰীয় মে-ডাম-মে-ফী অনুষ্ঠানৰ মুকলি সভা। উদযাপন সমিতিৰ সভাপতি চাও ধ্ৰুৱজ্যোতি ফুকনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথিৰূপে বিশিষ্ট চিকিৎসক, প্ৰসিদ্ধ লেখক তথা ক্ৰীড়াবিদ ডাঃ অতুল বৰগোহাঁই। জয়া ৰমণী চ’ৰাৰ সদস্যা সকলৰ দ্বাৰা আই-ছিং-লাও পৰিৱেশনেৰে শুভাৰম্ভ হোৱা মুকলি সভাত কেন্দ্ৰীয় মে-ডাম-মে-ফী উদযাপন সমিতিৰ সম্পাদক চাও লক্ষ্মীনাথ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতেই অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথিৰ ভাষণত ডাঃ অতুল বৰগোহাঁইয়ে মে-ডাম-মে-ফীৰ তাৎপৰ্যৰ উপৰিও সুদীৰ্ঘ আহোম ৰাজত্বৰ বিভিন্ন বিষয় সামৰি এক সাৰুৱা ভাষণ প্ৰদান কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। তাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি চাও ৰাজীৱ গগৈয়ে আঁতধৰা মুকলি সভাত মে-ডাম-মে-ফী অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ ‘জান-চাই-হুঙ’ উন্মোচন কৰে যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই। লগতে মুকলি সভাতে তোৰণৰ দাতা পৰিয়ালক সম্বৰ্ধনা আৰু চিনাকি অনুষ্ঠান। মুকলি সভাতে তাইচাব তৰফৰ পৰা তাইচাবৰ আজীৱন সদস্য ড০ বিপিন খঙীয়াক ‘দাতা ৰত্ন’ বঁটা প্ৰদান কৰাৰ লগতে তাইচাব আৰু উদযাপন সমিতিৰয়ে তাইচাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক মানচাও হেৰম্ব প্ৰসাদ ফুকন আৰু তাইচাবৰ প্ৰাক্তন উপ-সভাপতি মানচাও সূৰ্য গগৈক সম্বৰ্ধনা জনাই। মুকলি সভাত লগতে উপস্থিত থাকে তাইচাবৰ সভাপতি মানচাও অৱনি কুমাৰ চেতিয়া, মাননাং দিপালী গগৈ বৰুৱা। উল্লেখ্য মুকলি সভাতে তাইচাবলৈ ডাঃ বিপিন খঙীয়াই তেখেতৰ প্ৰয়াত মাতৃ ভৱানী খঙীয়াৰ সোঁৱৰণত, ডাঃ ভাস্কৰ জ্যোতি বৰুৱাই তেখেতৰ প্ৰয়াত পিতৃ ডামচাও মাধৱ চন্দ্ৰ বৰুৱাৰ সোঁৱৰণত, সূৰ্য গগৈয়ে তেখেতৰ প্ৰয়াত মাতৃ ৰাঙলী গগৈৰ সোঁৱৰণত আৰু অৱনি কুমাৰ চেতিয়াই তেখেতৰ প্ৰয়াত মাতৃ মনোৰমা চেতিয়াৰ সোঁৱৰণত প্ৰত্যেকজনে এক লাখ টকাকৈ অনুদান আগহঢ়াই। ৰাজীৱ গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা লগে লগে মুকলি সভা সামৰণি পৰাৰ পাছতেই অনুষ্ঠিত হয় সমূহীয়া জ্ঞাতিভোজৰ অনুষ্ঠান আৰু সন্ধিয়ালৈ অনুষ্ঠিত হয় বন্তি প্ৰজ্বলন অনুষ্ঠান আৰু উক্ত বন্তি প্ৰজ্বলন কৰে তাইচাবৰ সম্পাদক মানচাও দিব্যধৰ চেতিয়াই।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান