ৱৰ্ল্ড কাৰাটে চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত যোৰহাটৰ উদীয়মান খেলুৱৈ কস্তুৰী কলিতা
গুৱাহাটীত অভিৰুচি দিৱসত জনাব সম্বৰ্ধনা
জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাটৰ ক্ৰীড়া জগতৰ বাবে এটি ভাল। সুদূৰ ইটালীৰ ভেনিচত অনুষ্ঠিত হ’বলগা ৱৰ্ল্ড কাৰাটে চেম্পিয়নলৈ নিৰ্বাচিত হৈছে যোৰহাটৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ কস্তুৰী কলিতা। ইটালীৰ ভেনিচত অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব লগীয়া ১৩ সংখ্যক ৱৰ্ল্ড কাৰাটে চেম্পিয়নশ্বিপ ২০২৪ত জাতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হোৱা কস্তুৰী কলিতাৰ লগতে যোৰহাটৰ ক্ৰীড়া সমাজৰ লগতে ক্ৰীড়া প্ৰেমী সকল আনন্দিত হৈ পৰিছে। যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ বিজ্ঞান শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী কস্তুৰী কলিতা যোৰহাট মালৌআলি কমলাবৰীয়াৰ নিবাসী সঞ্জয় কলিতা আৰু ৰঞ্জিতা হাজৰিকা কলিতাৰ একমাত্ৰ কন্যা। কস্তুৰী কলিতাই ইয়াৰ পূৰ্বেও ভূটানৰ ৰাজধানী থিম্পুত অনুষ্ঠিত হোৱা 8th south Asian Karate federation Championship 2024 প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ উপৰিও ফিলিপাইনচৰ মেনিলাত অনুষ্ঠিত Asian Karate 2024ত অংশগ্ৰহন কৰি পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ক্ৰীড়াৰ ক্ষেত্ৰত কস্তুৰী কলিতাৰ এছিয়ান ৰেংক হৈছে ৫ আৰু ৱৰ্ল্ড ৰেংক হৈছে ৪৮ সংখ্যক। উল্লেখযোগ্য যে এনে এগৰাকী উদীয়মান খেলুৱৈক গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন অনুষ্ঠানত উদযাপন সমিতিয়ে ৰাজহুৱা সম্বৰ্ধনা জনাব বুলি কস্তুৰী কলিতালৈ ইতিমধ্যে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰাত পৰিয়ালটি আনন্দিত হৈছে।