সেউজ প্ৰাধিকৰণৰ নিয়ম ভাঙি হোটেল নাপাতো কাজিৰঙাত মুখ্যমন্ত্ৰী

সেউজ প্ৰাধিকৰণৰ নিয়ম ভাঙি হোটেল নাপাতো

— কাজিৰঙাত মুখ্যমন্ত্ৰী

ৰাষ্ট্ৰীয় উদ্যানলৈ ২০ খন ৰাবাৰ ব’ট

শেষ পৰ্যায়ত এলিভেটেড ক’ৰিড’ৰৰ প্ৰাৰম্ভিক কাম

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নীতি-নিয়ম ভংগ কৰি হোটেল নাপাতো৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে কিবা ক’লে আমি শুনিব লাগিব৷ কিন্তু যিমান দূৰলৈকে জানো কাজিৰঙাৰ প্ৰচলিত নীতি নিয়ম ম’তে দুইখন ফাইভ ষ্টাৰ হোটেলৰ লোকেশ্ব্যনত কোনো অসুবিধা নাই৷ — আজি সংবাদ মাধ্যমৰ আগত কাজিৰঙাত প্ৰস্তাৱিত দুখন ফাইভ ষ্টাৰ হোটেল নিৰ্মাণ কৰাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে কৰা গোচৰ সন্দৰ্ভত এইদৰে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ তেখেতে লগতে উল্লেখ কৰে যে, এই দুই হোটেল নিৰ্মাণৰ লগে লগে পৰ্যটনৰ স’তে জড়িত যুৱক-যুৱতী উপকৃত হোৱাৰ লগতে নিয়োগ বৃদ্ধি পাব৷ গতিকে সকলোৱে এই নিৰ্মাণক সমৰ্থন কৰা উচিত৷ উল্লেখ্য আজি কাজিৰঙাত মুখ্যমন্ত্ৰী ড° শৰ্মা উপস্থিত হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক ২০ খন ৰাবাৰ ব’ট আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ উদ্যানৰ বাগৰি বনাঞ্চলত এই ব’ট প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ স’তে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী কেশৱ মহন্ত, উচ্চ পদস্থ বিশেষ বিষয়া এম কে যাদৱকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সমন্বিতে বনবিষয়াসকল উপস্থিত থাকে৷ ব’ট প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, কাজিৰঙাৰ বন্যপ্ৰাণী সংৰক্ষণ তথা দুৰ্যোগপূৰ্ণ অৱস্থাত বন্যপ্ৰাণী উদ্ধাৰৰ ক্ষেত্ৰত এয়া সহায়ক হ’ব৷ তেখেতে লগতে উল্লেখ কৰে যে, এইবাৰ বানপানীত কাজিৰঙাত কিছুসংখ্যক বন্যপ্ৰাণীৰ মৃত্যু হৈছে যদিও যান-বাহনৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যু একেবাৰে কম হৈছে৷ কাজিৰঙাৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰতো জলস্তৰ কমাৰ পিছতে ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰতা লোৱা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ইফালে, কাজিৰঙাৰ এলিভেটেদ ক’ৰিড’ৰৰ কাম প্ৰায় শেষ পৰ্যায়ত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এক ট্ৰেফিক চাৰ্ভেৰ কাম চলি আছে৷ এয়া দুমাহমানৰ ভিতৰত শেষ হৈ এপ্ৰ’ভেলৰ বাবে কেবিনেটলৈ যাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
ইফালে এ পি ডি চি এলৰ গোপনে মাচুল বৃদ্ধিৰ খবৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আমি বিদ্যুৎ মাচুল ৫০ পইচা বা এটকা কমোৱা সন্দৰ্ভতহে প্ৰচেষ্টা চলাই আছো৷ গতিকে খবৰটো ওলোটা প্ৰকাশ হৈছে৷ আনহাতে গুৱাহাটীৰ কৃত্ৰিম বানপানী সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, সামাজিক মাধ্যমত কৃত্ৰিম বানপানীৰ সমাধান নহয়৷ গুৱাহাটী ফুট হিল আৰু মেঘালয় আৰু চৌপাশৰ পাহাৰসমূহৰ পৰা ভীষণ বৰষুণত বৈ অহা পানী নিস্কাষণৰ বাবে গুৱাহাটী নলা-নৰ্দমা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, সাধাৰণ বৰষুণৰ পানী উলিয়াব পৰা যায়৷ মেঘালয়ত পাহাৰ কটাৰ পৰিপ্ৰেক্ষিতত যি গতিত কাষৰীয়া পাহাৰৰ পৰা পানী নামি আহিছে তাক ৰখাব পৰা নাযায়৷ তাৰ নিস্কাষণ বৈজ্ঞানিক সমাধানৰ জৰিয়তেহে হ’ব, সামাজিক মাধ্যমত ইজনে সিজনক গালি পাৰি সমাধান নহয় বুলিও দোহাৰে মুখ্যমন্ত্ৰীয়ে৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস