ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাৰ এন বি নিউজৰ সাংবাদিক তথা পৰিবেশকৰ্মী চন্দন নাথৰ মাতৃৰ আজি পুৱতি নিশা মৃত্যু হয়। জানিব পৰা মতে, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সাংগঠনিক সম্পাদক চন্দন নাথৰ মাতৃ ৰোহিলা নাথ (৭২) এদিন পূৰ্বে সামান্য ৰোগত আক্ৰান্ত হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু কালি হঠাৎ ৰোগ জটিল হৈ স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটি আজি পুৱতি নিশা উক্ত চিকিৎসালয়তে মৃত্যু হয়। মৃত্যুৰ সময়ত দুই পুত্ৰ আৰু দুগৰাকী কন্যা এৰি থৈ গৈছে। নিৰ্জ্জু স্বভাৱৰ ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ হঠাৎ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। সাংবাদিকজনৰ মাতৃৰ অকাল বিয়োগত বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চ, কহঁৰা বাৰোৱাৰী শ্মশান পৰিচালনা সমিতি, কহঁৰা ৰূপজ্যোতি সংঘ, কাজিৰঙা কৃষ্ণগুৰু সেৱা, কহঁৰা বজাৰ সমিতি আদিয়ে শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…