কাজিৰঙাত পুনৰ সক্ৰিয় হৈছে নেকি গঁড় চিকাৰীৰ নেটৱ’ৰ্ক
কৰায়ত্ব পাঁচ
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাত পুনৰ সক্ৰিয় হৈছে নেকি গঁড় চিকাৰীৰ নেটৱ’ৰ্ক! ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ পৰিকল্পনা কৰি থাকোঁতে আটক কৰা হয় ৫ জন লোকক৷ লগতে উদ্ধাৰ কৰা হয় গঁড় হত্যাত ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থকা চাইলেন্সাৰ৷ নগাঁও জিলাৰ বাগৰি আৰক্ষী আৰু কাজিৰঙা বন বিভাগৰ যৌথ অভিযানত আটক হয় লোককেইজন৷ আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰংমংৱে’ৰ অৰ্জুন ৰংপি নামৰ এজন ব্যক্তিয়ে গঁড় চোৰাং চিকাৰৰ উদ্দেশ্যে বন্দুকৰ চাইলেন্সাৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰাৰ তথ্য লাভ কৰে নগাঁও আৰক্ষীয়ে৷ লগে লগে অভিযান চলাই নগাঁও আৰক্ষীয়ে অৰ্জুন ৰংপিক আটক কৰি কাৰ্বি আংলং আৰক্ষীক গতাই দিয়ে৷ আনহাতে, একে সময়তে নগাঁও আৰক্ষীয়ে খৰছিং বে, থাইজিল লেক্থে আৰু ছবৰ ইংলেঙ নামৰ তিনিজন লোকক আটক কৰি জেৰা চলায়৷ জেৰাত ধৃত লোককেইজনে কাজিৰঙাত গঁড় চিকাৰৰ কৰাৰ পৰিকল্পনাৰ কথা স্বীকাৰ কৰে। ইপিনে, আৰক্ষীয়ে ৩০৩ ৰাইফলত ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থকা এটা চাইলেন্সাৰ খোৰছিং বেৰ হাতৰ পৰা উদ্ধাৰ কৰে৷ উল্লেখ্য যে আজি পুৱা পুনৰ বাগৰি আৰক্ষীয়ে অভিযান চলাই এই গঁড় হত্যাৰ পৰিকল্পনাৰ সৈতে জড়িত থকাৰ অভিযোগত অৰ্জুন ৰংহাং নামৰ আন এজন লোকক ৰংবঙৱেৰ পিং ৰংহাং গাঁৱৰ পৰা কৰায়ত্ত কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষী আৰু বনবিভাগে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷