ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰজাতিৰ পখিলাৰ বিচৰণথলী কাজিৰঙাঃ ড° মনচুন জ্যোতি গগৈৰ গৱেষণা
‘এক্স’যোগে মুখ্যমন্ত্ৰীৰ অভিনন্দন
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ “বিগ ফাইভ”ৰ এক অনন্য বাসস্থান হিচাপে খ্যাতি লভা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পুনৰ সুনাম কঢ়িয়াই আনিছে আন এক ভাল খবৰে৷ এইবাৰ দেশৰ ভিতৰতে দ্বিতীয়টো সৰ্বাধিক প্ৰজাতিৰ পখিলাৰ বিচৰণথলী হিচাপে চিহ্নিত হৈছে উত্তৰ-পূৱৰ জৈৱ-বৈচিত্ৰৰ হটস্প’ট কাজিৰঙা৷ ‘লেপিড’টেৰিষ্ট’ (পখিলা অধ্যয়নকাৰী) ড° মনচুন জ্যোতি গগৈৰ অধ্যয়ন-গৱেষণাত পোহৰলৈ আহিছে এই তথ্য৷ ড° গগৈয়ে তেওঁৰ অধ্যয়নত পোৱা এই তথ্য প্ৰকাশ কৰাৰ লগে-লগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম ‘এক্স’যোগে লেপিড’টেৰিষ্ট গৰাকীক অভিনন্দন জনাই প্ৰকাশ কৰে যে, ড° গগৈয়ে এই পৰ্যন্ত কাজিৰঙাত ৪৪৬ বিধ প্ৰজাতিৰ পখিলা বিচৰণৰ তথ্য সংগ্ৰহ কৰিছে৷ যিটো অৰুণাচল প্ৰদেশৰ নামদফাৰ পিছতে দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক৷ ইয়াৰ ভিতৰত ১৮ বিধ পখিলাৰ আৱিস্কাৰ ভাৰতৰ বাবে নতুন ৰেক’ৰ্ড বুলি ‘এক্স’ত উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই ড° মনচুন গগৈৰ এই উল্লেখযোগ্য কামৰ শলাগ লয়৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় বোকাখাতৰ ড° মনচুন গগৈয়ে ২০০৭ চনৰ পৰাই কাজিৰঙাত পখিলাৰ অৱস্থিতি, বিচৰণ সন্দৰ্ভত অধ্যয়ন গৱেষণা চলাই আহিছে৷ শেহতীয়াকৈ যোৱা ২৭ৰ পৰা ২৯ ছেপ্তেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত তিনি দিনীয়া “বাটাৰফ্লাই কনজাৰভেশ্বন মিট” অনুষ্ঠানত কাজিৰঙাৰ পখিলা সন্দৰ্ভত কেতবোৰ আলোচনা বিস্তাৰিতভাৱে আলোচনা কৰা হয়৷ নেহু, কটন বিশ্ববিদ্যালয়, অসমৰ বিভিন্ন মহাবিদ্যালয়, মহাৰাষ্ট্ৰ বনবিভাগ, দ্যা কৰবেট ফাউণ্ডেচন, নৰ্থ ইষ্ট বাটাৰফ্লাই গ্ৰুপৰ প্ৰতিনিধিসহ অনুষ্ঠানত দেশৰ প্ৰায় ৪০ গৰাকী পখিলা অনুৰাগীয়ে অংশ লয়৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি কাজিৰঙা-কাৰ্বি আংলং ভূ-অঞ্চলত বিশেষকৈ পানবাৰী সংৰক্ষিত বনাঞ্চলত ৮৫ বিধ প্ৰজাতিৰ পখিলা প্ৰত্যক্ষ কৰা হৈছিল৷ অনুষ্ঠানতে ড° মনচুন জ্যোতি গগৈয়ে লিখি উলিওৱা গ্ৰন্থ “বাটাৰফ্লাইছ অৱ কাজিৰঙা নেচনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ” উন্মোচন কৰা হৈছিল৷ উক্ত গ্ৰন্থতে অধ্যয়নকালত ড° গগৈয়ে পোৱা ৪৪৬ বিধ প্ৰজাতিৰ পখিলাৰ ছবিসহ নানান তথ্য সন্নিৱিষ্ট থকাৰ উপৰি কাজিৰঙাত নতুনকৈ আৱিস্কাৰ কৰা বাৰ্মিজ থ্ৰীৰিং, গ্লাছী চেৰুলিন, ডাৰ্ক ব’ৰ্ডাৰ্ড হেজ ব্লু’, আন্দামান য়েল’ বেন্ডেড ফ্লেট, ফেৰাৰ্চ চেৰুলিন, পি ক’ক অ’ক ব্লু’ আদি কৰি ১৮ বিধ প্ৰজাতিৰ পখিলাৰ বিষয়েও ছবিসহ উল্লেখ আছে৷ দেশৰ দ্বিতীয় সৰ্ববৃহৎ সংখ্যক প্ৰজাতিৰ পখিলাৰ বিচৰণভূমি হিচাপে ন-স্বীকৃতি লাভ কৰা কাজিৰঙাই এই বিভূষণেৰে পৰ্যটকৰ অধিক সমাদৰ লাভ কৰিব বুলি আশাবাদী৷ উল্লেখ্য, অৰুণাচল প্ৰদেশৰ নামদফাত দেশৰ ভিতৰতে সৰ্বাধিক প্ৰজাতিৰ পখিলা পোৱা যায়৷