অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাৰ আদৰণীয় পদক্ষেপ
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ
সময়ৰ সোঁতত ক্ৰমাৎ হেৰাই যাবলৈ উপক্ৰম হোৱা চাহ জনগোষ্ঠীয়, আদিবাসীসকলৰ কিছু লোকাচাৰ, পৰম্পৰাগত ৰীতি-নীতি, গীত-মাত চৰ্চ্চাৰ মাজেৰে নৱপ্ৰজন্মৰ মাজত সজীৱ কৰি ৰখাৰ উদ্দেশ্যে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাই হাতত লৈছে এলানি কাৰ্যসূচী৷ বৰ্ণাঢ্য আয়োজনেৰে আজি চাহ জনগোষ্ঠীয়, আদিবাসীসকলৰ ‘চহৰাই পৰৱ’ৰ অন্যতম সাংস্কৃতিক অংগ “জাহলি গীত”ৰ এক কৰ্মশালা অনুষ্ঠিত কৰি এই কাৰ্যসূচীৰ মুকলি কৰা হয়৷ সাহিত্য সভাৰ কাজিৰঙা শাখাৰ সভাপতি পৰমেশ্বৰ পানিকা আৰু সম্পাদক তথা সাংবাদিক বিতোপন মাজিয়ে জানিব দিয়া মতে, বৃহত্তৰ কাজিৰঙা অঞ্চলৰ ৫ খনকৈ বিদ্যালয়ৰ ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক, অনাতাঁৰ শিল্পী নুনু সিং কৰ্মকাৰে জাহলি গীতৰ প্ৰশিক্ষণ প্ৰদান কৰে৷
অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা দিনজোৰা কৰ্মশালাটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে দিৰিং বাগিছা সংঘৰ সভাপতি দশৰথ মুণ্ডাই৷ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক পংকজ কালিন্দী উপস্থিত থকা কৰ্মশালাটি পি এম শ্ৰী কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ প্ৰধান শিক্ষক ভূৱন চন্দ্ৰ খতিৱৰাই সাৰুৱা ভাষণেৰে উদ্ধোধন কৰে৷ সাহিত্য সভাৰ সহকাৰী সম্পাদক পংকজ কালিন্দীয়ে কাজিৰঙা শাখাৰ উদ্যোগৰ শলাগ লৈ চহৰাই পৰৱ সম্পৰ্কে আলোচনামূলক বক্তব্য আগবঢ়ায়৷ গোলাঘাট জিলা আটছাৰ সম্পাদক সুশীল কালিন্দী, কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ তথা বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহা, হাতীখুলি বাগিছা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ দাস, কাজিৰঙা গাৰ্লছ হাইস্কুলৰ শিক্ষক গৌতম তাঁতী আদিয়ে বক্তব্য আগবঢ়োৱা কৰ্মশালাটিৰ প্ৰথম পৰ্বত ‘চহৰাই পৰৱ’ৰ ৰীতি-নীতি প্ৰতীকি ৰূপত প্ৰদৰ্শন কৰা হয়৷ ৰীতি-নীতি প্ৰদৰ্শনৰ সমান্তৰালকৈ পৰম্পৰাগত ভাৱে গোৱা জাহলি গীত আৰু নৃত্যও প্ৰদৰ্শন কৰা হয়৷
কৰ্মশালাৰ দ্বিতীয়াৰ্ধত ঝুমইৰ শিল্পী অনন্ত কৰ্মকাৰ, ৰঘূনাথ তুৰি, অনাতাঁৰ শিল্পী পুটু উৰাং আৰু নুমলী কুৰ্মীয়ে সহ-প্ৰশিক্ষকৰূপে ছাত্ৰ-ছাত্ৰীসকলক ‘জাহলি গীত’ৰ প্ৰশিক্ষণ প্ৰদান কৰে৷ উল্লেখ্য, সমগ্ৰ ভাৰতৰ লগতে কালীপূজাৰ সময়ত অসমৰ চাহ জনগোষ্ঠীয়, আদিবাসী লোকসকলেও পৰম্পৰাগত ভাৱে তাহানিৰে পৰাই গো-পূজন কৰি আহিছে৷ কালী পূজাৰ সময়ত পালন কৰা এই গো-পূজন পৰ্বটিকে চাহ জনগোষ্ঠীয়, আদিবাসী লোকসকলে ‘চহৰাই পৰৱ’ হিচাপে পালন কৰি আহিছে৷ আনহাতে, চহৰাই পৰৱ পালন কৰাৰ সময়ত যিসমূহ সুৰীয়া গীত-মাতেৰে গো-পূজন পৰ্বটিক সজীৱ কৰি তোলা হয় সেই গীত সমূহকে জাহলি গীত বুলি জনা যায়৷ ক্ৰমাৎ সময়ৰ লগে লগে আধুনিকতাৰ আঁচোৰত ক্ৰমান্বয়ে এই ৰীতি-নীতি, গীত-মাত সমূহৰ চৰ্চ্চা তথা প্ৰচলন কমি অহাত চাহ জনগোষ্ঠীয়, আদিবাসী সমাজত এই সমূহ সজীৱ কৰি ৰখাৰ উদ্দেশ্যেই এই কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷
অনুষ্ঠানত কাজিৰঙা জিলা পৰিষদৰ সদস্যা সীতা পাণিকা, আঞ্চলিক সদস্য মুকুল দাস, আটছা কাজিৰঙা উপ-শাখাৰ সভাপতি সুভাষ চাওঁৰা, উদীয়মান কণ্ঠশিল্পী ভগীৰথ কুৰ্মী, হাতীখুলি বাগিছা সংঘৰ সভাপতি প্ৰসাদী পাত্ৰ, সম্পাদক কিষাণ কৰ্মকাৰ, ৰঙাজান বাগিছা সংঘৰ সভাপতি মণিৰাম কৰ্মকাৰ, প্ৰাক্তন আটছা নেতা অনুপ তাঁতী, সাহিত্য সভাৰ কাজিৰঙা শাখা সমিতিৰ বিষয়-ববীয়া দিব্যজ্যোতি তাঁতী, বাবলু মুণ্ডা, প্ৰীতি তাঁতী, ৰেখা উৰাং, নিতুল বাউৰী, ৰঞ্জিত কৰ্মকাৰ, ববিতা উৰাং, ৰাজ চাওঁৰা আদিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে৷ ইফালে, কৰ্মশালা আৰম্ভ হোৱাৰ পূৰ্বে কাজিৰঙা অধ্যয়ন চক্ৰৰ কাৰ্যকৰী সদস্য নিশিতা বেলুৱাৰৰ পৰিকল্পনা আৰু প্ৰেৰণা পাণিকাৰ পৰিচালনাত অনুষ্ঠিত হয় ছোৱালী সন্তান সুৰক্ষা সম্বন্ধীয় এখনি বাটৰ নাট৷ একবিংশ শতিকাতো ছোৱালী সন্তানক লৈ সমাজত চলি থকা আসোঁৱাহসমূহ মুক্ত কৰাৰ আহ্বানেৰে এজাক কণমানিয়ে প্ৰদৰ্শন কৰে বাটৰ নাটটি৷