কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী মনোজ গগৈলৈ প্ৰ’ফেচৰ অৱ প্ৰেক্টিছ সন্মান
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত নিজ কৰ্মৰ যোগেদি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিহ্নিত হ’বলৈ সক্ষম হোৱা ৰিয়েল লাইফ হিৰ’, কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী, পৰিৱেশ কৰ্মী মনোজ গগৈলৈ আগবঢ়োৱা হৈছে “প্ৰ’ফেছৰ অৱ প্ৰেক্টিছ” সন্মান৷ মণিপুৰ ইন্টাৰনেচনেল ইউনিভাৰ্চিটীৰ তৰফৰ পৰা গগৈয়ে পৰিৱেশ, প্ৰকৃতি তথা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে৷ গুৱাহাটীত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ইউনিভাৰ্চিটি কৰ্তৃপক্ষই গগৈক এই সন্মান প্ৰদান কৰে৷
উল্লেখ্য, প্ৰ’ফেছৰ উপাধিৰে সন্মানিত মনোজ গগৈয়ে বিগত সময়চোৱাত কাজিৰঙাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দুৰ্যোগপূৰ্ণ অৱস্থাত বিভিন্ন প্ৰজাতিৰ সৰীসৃপ, পক্ষী, বন্যপ্ৰাণী আদি উদ্ধাৰ কৰি পৰিচৰ্যাৰ যোগেদি পুনঃসংস্থাপনৰ ব্যৱস্থা কৰি আহিছে৷ নিজা উদ্যোগত গঢ় দিয়া এন আৰ এছ বি নামেৰে স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে পৰিৱেশ-বন্যপ্ৰাণী সংৰক্ষণৰ কাম কৰি অহা গগৈয়ে সংগঠনটিৰ জৰিয়তে কাজিৰঙা-বোকাখাত আদি অঞ্চলৰ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন অনুষ্ঠান আদিৰ মাধ্যমেৰে প্ৰকৃতি সংৰক্ষণৰ প্ৰতি আগ্ৰহী কৰি আনিছে৷ মনোজ গগৈৰ এই প্ৰাপ্তিত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থা, কাজিৰঙা অধ্যয়ন চক্ৰ, অসম চাহ জনগোষ্ঠী সাহিত্য সভা, বোকাখাত শাখা, ভিজুৱেল আৰ্ট একাডেমী, কহঁৰা সমন্বয় মহিলা সমিতি, কহঁৰা বজাৰ সমিতি আদিকে ধৰি ভিন্ন ব্যক্তি-সংস্থাই অভিনন্দন জ্ঞাপন কৰিছে৷