ৰাষ্ট্ৰীয় জ্যেষ্ঠ আৰবিটাৰৰ যোগ্যতা অৰ্জন সাংবাদিক ধ্ৰুৱজ্যোতি সাহাৰ

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটেড দবাৰু ধ্ৰুৱজ্যোতি সাহাই ৰাষ্ট্ৰীয় জ্যেষ্ঠ আৰবিটাৰৰ যোগ্যতা অৰ্জন কৰিছে৷ যোৱা নিশা অল ইণ্ডিয়া চেছ ফেডাৰেচন চমুকৈ এ আই চি এফৰ দ্বাৰা তেওঁলোকৰ ৱেবছাইটযোগে ধ্ৰুৱজ্যোতি সাহালৈ এই স্বীকৃতি আগবঢ়ায়৷ উল্লেখ্য যে বিগত ১৮ টা বছৰে সাংবাদিকতাৰ স’তে জড়িত হৈ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰি পৰিৱেশন কৰি ইতিমধ্যেই সুখ্যাতি অৰ্জন কৰিছে কাজিৰঙা নিৱাসী সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই৷ পৰিৱেশ সাংবাদিকতা বঁটা, পৰ্যটন সাংবাদিকতা বঁটাকে বিভিন্ন বঁটা-সন্মানেৰে কাজিৰঙা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা সাংবাদিক সাহাই সৰুৰেপৰা দবা খেলৰ প্ৰতি আগ্ৰহী আছিল৷ বহুকেইখন আন্তঃৰাষ্ট্ৰীয় ৰেটিং খেল টুৰ্নামেণ্টত অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱা ধ্ৰুৱজ্যোতি সাহাই যোৱা ২৮ আৰু ২৯ মে’ত নগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হোৱা দবা খেলৰ ৰাষ্ট্ৰীয় জ্যেষ্ঠ আৰবিটাৰৰ চেমিনাৰত অংশগ্ৰহণ কৰিছিল৷ আনহাতে, নগালেণ্ডৰ বিভিন্ন অংশগ্ৰহণকাৰীৰ সমান্তৰালভাৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অংশগ্ৰহণকাৰী তথা ঝাৰখণ্ডৰ দবাৰু অংশগ্ৰহণ কৰিছিল৷ এই চেমিনাৰৰ পাছতেই অনুষ্ঠিত ৰাষ্ট্ৰীয় জ্যেষ্ঠ আৰবিটাৰৰ পৰীক্ষা বহিবলৈ যোগ্যতা অৰ্জন কৰে ২৭ গৰাকী প্ৰশিক্ষাৰ্থীয়ে৷ এই পৰীক্ষাত সাংবাদিক সাহাই ৮০ শতাংশৰ অধিক নম্বৰ লাভেৰে ‘এ’ গ্ৰেডত উত্তীৰ্ণ হ’বৰ সক্ষম হয়৷ ইয়াৰ লগে লগেই ধ্ৰুৱজ্যোতি সাহাই ৰাষ্ট্ৰীয় জ্যেষ্ঠ আৰবিটাৰৰ যোগ্যতা অৰ্জন কৰে৷ এই পৰীক্ষাত অসমৰ ৰেজাবুল হক, নন্দন বুঢ়াগোহাঁই, মৃণাল কাকতি আৰু শংকৰ বৰুৱাই এ গ্ৰেড পাবৰ সক্ষম হয়৷ ধ্ৰুৱজ্যোতি সাহা গোলাঘাট জিলাখনৰ ভিতৰতে চতুৰ্থগৰাকী ৰাষ্ট্ৰীয় জ্যেষ্ঠ আৰবিটাৰ৷ ইতিপূৰ্বে গোলাঘাট জিলা দবা সন্থাৰ সভাপতি ডায়েৰী প্ৰসাদ উপাধ্যায়, সম্পাদক পল্লৱ গোহাঁই আৰু আন্তঃৰাষ্ট্ৰীয় ৰেটেড দবাৰু অনুজ প্ৰতীম বৰুৱাই এই সন্মান লাভ কৰিছে৷

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান