কাজিৰঙাত বহিৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ ‘চৰণেহে জানে মৰণৰ ঠাই’— কাজিৰঙা ফুৰিবলৈ অকাল মৃত্যুক সাৱটিলে এগৰাকী পৰ্যটকে৷ ফুৰিবলৈ আহিছিল ঠিকেই, কিন্তু, দিল্লী নিবাসী আলোক গাৰ্গ নামৰ লোকজনৰ মৃত্যু যেন ৰৈ আছিল কাজিৰঙাত৷ ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি আজি উভতি যোৱাৰ প্ৰাকক্ষণত অকাল মৃত্যুক সাৱটে আলোক গাৰ্গ নামৰ পৰ্যটকগৰাকীয়ে৷ তথ্য অনুসৰি, কাজিৰঙাৰ ধনশিৰি নামৰ ব্যক্তিগত অতিথিশালাত কালিৰে পৰা পত্নীৰ স’তে বাহৰ পাতি আছিল ৬৪ বছৰ বয়সীয়া আলোক গাৰ্গ নামৰ পৰ্যটক গৰাকী৷ কালি দম্পতীহালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰীও কৰিছিল। আজি দিনৰ ভাগত কাজিৰঙা এৰাৰ কথা আছিল যদিও পুৱা প্ৰায় ৬-৩০ বজাত হঠাৎ উক্ত পৰ্যটন নিবাসৰ কোঠাত ৬৪ বছৰীয়া পৰ্যটকজন অসুস্থ হৈ পৰে। ততাতৈয়াকৈ তেওঁৰ পত্নীয়ে চিকিৎসাৰ বাবে পৰ্যটন নিবাসৰ কৰ্মীৰ সহযোগত কহঁৰাস্থিত ছহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ধনশিৰি পৰ্যটন নিবাসৰ প্ৰৱন্ধক দুলাল গগৈয়ে জানিবলৈ দিয়া মতে, পৰ্যটকদ্বয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি আজি কাজিৰঙাৰ পৰা উভতি যোৱাৰ কথা আছিল। কিন্তু, তাৰ পূৰ্বেই অকাল মৃত্যুক সাৱটে৷ ইপিনে, কহঁৰাস্থিত ছহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ঈশান শইকীয়াই জনোৱা অনুসৰি, চিকিৎসলয়লৈ অনাৰ পূৰ্বেই পৰ্যটকজনৰ মৃত্যু হৈছিল। পৰ্যটকজন পূৰ্বৰ পৰাই হৃদ ৰোগত আক্ৰান্ত হৈ আছিল। ইফালে, কহঁৰা আৰক্ষীয়ে গোলাঘাটত মৰণোত্তৰ পৰীক্ষা কৰাই মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়াৰ পিছত পৰ্যটকজনৰ মৃতদেহ দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান