হিমন্ত চৰকাৰৰ দুৰ্দশাগ্ৰস্ত অৱস্থা কাজিৰঙাৰ সংবাদমেলত উন্মোচন অখিল গগৈৰ
জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫ খন ৰাজ্যৰ ভিতৰত ২২ নম্বৰত অসম
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ “যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই অসমক দেশৰ প্ৰথম পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ ঘোষণা কৰিছে সেয়া যে এটা মাত্ৰ ভোকোঁভাওনা সেয়া ইতিমধ্যেই প্ৰমাণিত হৈছে৷ কাৰণ, পাঁচখন ৰাজ্যত বাদেই দেশৰ দহখন উন্নত ৰাজ্যৰ ভিতৰতো নাই অসম৷ জনমূৰি আয়ৰ ক্ষেত্ৰত আজিৰ তাৰিখত দেশৰ ২৫ খন ৰাজ্যৰ ভিতৰত ২২ নম্বৰত অসম৷’— আজি সন্ধিয়া কাজিৰঙা অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানত এক সংবাদমেলৰ আয়োজন কৰি এই তথ্য প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে৷ অখিল গগৈয়ে কয় যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা হেণ্ডবুক অৱ ষ্টেটিছটিকছ অন ইণ্ডিয়ান ষ্টেটছ ২০২৩-২৪ কালি প্ৰকাশ পালে৷ য’ত, অসমৰ অৰ্থনৈতিক স্থিতিৰ বিষয়ে বহু ভয়ংকৰ তথ্য উন্মোচিত হৈছে৷ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য মতে, জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫ খন ৰাজ্যৰ ভিতৰত ২২ নম্বৰত অসম৷ ইতিমধ্যে কেইখনমান ৰাজ্যৰ জনমূৰি আয়ৰ তথ্য ঘোষণা কৰা নাই ৰিজাৰ্ভ বেংকে৷ কিন্তু, প্ৰকাশ কৰা তথ্যমতে, উত্তৰ-পূৰ্বাঞ্চলৰ ছিকিম ২৫ খন ৰাজ্যৰ ভিতৰত শীৰ্ষত আছে৷ ছিকিমৰ জনমূৰি বছৰি আয় ৫ লাখ ৮৭ হাজাৰ ৭৪৩ টকা৷ দ্বিতীয় স্থানত থকা দিল্লীৰ জনমূৰি বছৰি আয় ৪ লাখ ৬১ হাজাৰ ৯১০ টকা৷ আনহাতে, তৃতীয় স্থানত থকা তেলেংগানাৰ জনমূৰি বছৰি আয় ৩ লাখ ৫৬ লাখ ৫৬৪ টকা৷ কিন্তু, অসমৰ জনমূৰি বছৰি আয় মাত্ৰ ১ লাখ ৩৫ হাজাৰ ৭৮৭ টকা৷ গগৈয়ে সংবাদমেলযোগে কয় যে মাত্ৰ তিনি বছৰত হিমন্ত বিশ্বশৰ্মাই ঋণ লৈছে ৬১,১৯১ কোটি টকা৷ অখিল গগৈয়ে কয়, স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষৰটো বছৰলৈকে মানে ১৯৪৭ৰ পৰা ৩১ মার্চ, ২০১৬ লৈকে ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ ৪১,৯৬৪ কোটি টকা আছিল৷ আনহাতে, সর্বানন্দ সোণোৱাল চৰকাৰৰ সময়ছোৱাত অৰ্থাৎ ২০১৬ চনৰ পৰা ২০২১ লৈকে ৫ বছৰত মুঠ ঋণ ৪৭,৭৪৫ কোটি টকা আছিল৷ ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাত্ৰ তিনি বছৰত অৰ্থাৎ ৩১ মার্চ, ২০২১ ৰ পৰা ৩১ মার্চ, ২০২৪ লৈকে মুঠ ঋণ ৬১,১৯১ কোটি টকা লৈছে৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত ৬৯ বছৰৰ অসমৰ ঋণ ৪১,৯৬৪ কোটি টকাৰ বিপৰীতে বিজেপি চৰকাৰৰ মাত্ৰ ৮ বছৰীয়া কাৰ্যকালত অসমৰ ঋণৰ পৰিমাণ ১ লাখ ৮ হাজাৰ ৯৩৬ কোটি টকা হৈছে৷ এয়া ৰাজ্যখনৰ কাৰণেই অতিকৈ ভয়াবহ বুলি উল্লেখ কৰে অখিল গগৈয়ে৷ তেওঁ কয় যে তৰুণ গগৈ চৰকাৰৰ শেষৰটো কাৰ্যকাললৈকে অৰ্থাৎ ২০১৬ লৈকে ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ ৪১,৯৬৪ কোটি টকাৰ বিপৰীতে বিজেপি চৰকাৰে ৮ বছৰত ঋণৰ সুদ প্ৰদান কৰিছে ৪২ হাজাৰ কোটি টকা৷ বৰ্তমান অৰ্থাৎ ৩১ মার্চ, ২০২৪ লৈকে অসমৰ সৰ্বমুঠ ঋণ পৰিমাণ হয়গৈ ১ লাখ ৫০ হাজাৰ ৯০০ কোটি টকা৷ ইতিমধ্য ২০১৬-১৭ বিত্তীয় বৰ্ষত ২,৯৬৪ কোটি টকা, ২০১৭-১৮ বিত্তীয় বৰ্ষত ৩,২০৫ কোটি টকা, ২০১৮-১৯ বিত্তীয় বৰ্ষত ৩,৮৪৪ কোটি টকা, ২০১৯-২০ বিত্তীয় বৰ্ষত ৪,৪৩৯ কোটি টকা, ২০২০-২১ বিত্তীয় বৰ্ষত ৫,১৯৯ কোটি টকা, ২০২১-২২ বিত্তীয় বৰ্ষত ৬,০৫২ কোটি টকা, ২০২২-২৩ বিত্তীয় বৰ্ষত ৭,৫৪৩ কোটি টকা আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত ৮,৮১৫ কোটি টকাকে ধৰি ৮ বছৰত মুঠ ঋণৰ সুদ পৰিশোধৰ পৰিমাণ ৪২,০৬১ কোটি টকা৷ সৰ্বানন্দ সোণোৱাল চৰকাৰ দিনত মুঠ ঋণৰ সুদ পৰিশোধৰ পৰিমাণ ১৯,৬৫১ কোটি টকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত মুঠ ঋণৰ সুদ পৰিশোধৰ পৰিমাণ ২২,৪১০ কোটি টকা৷ ইয়াৰ বিপৰীতে তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত অসম চৰকাৰৰ ১৫ বছৰত মুঠ ঋণৰ সুদ পৰিশোধৰ পৰিমাণ আছিল ২৬,৩৬৯ কোটি টকা৷ সংবাদমেলত অখিল গগৈয়ে লগতে কয়, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা হেণ্ডবুক অৱ ষ্টেটিছটিকছ অন ইণ্ডিয়ান ষ্টেটছ অনুসৰি, স্বাধীনতাৰ পাচৰ পৰা ৩১ মাৰ্চ ২০২৪ পৰ্যন্ত অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ ১,৫০, ৯০০ কোটি টকা যদিও এই কেইদিনত কমেও ২০০০০ কোটি টকাৰ ধাৰ লোৱা হৈছে৷ তাৰমানে অসমৰ ওপৰত বৰ্তমান ১,৭০০০০ কোটি টকা মানৰ ধাৰ হ’ব বুলিও উল্লেখ কৰে গগৈয়ে৷ আনহাতে, ৰাজ্যৰ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰতো অসমৰ স্থান ১৬ নম্বৰত বুলি উল্লেখ কৰে গগৈয়ে৷ উৎপাদনমূলক কোনো ধৰণৰ পৰিকল্পনা নকৰি কেৱল ভোটবেংকৰ স্বাৰ্থত হিতাধিকাৰী সৃষ্টি কৰাটোৱেই হিমন্ত বিশ্বশৰ্মাৰ মূল চিন্তা বুলি উল্লেখ কৰে৷ তেখেতে কয় যে অৰুণোদয় আঁচনিৰ ১২৫০ টকাই ৰাইজৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে৷ বৰং মানুহক উৎপাদন কৰিব পৰাৰ পৰিৱেশ গঠন কৰি দিব লাগে৷ চৰকাৰৰ যি হ’ব লাগে সেয়া পালন কৰাত হিমন্ত বিশ্বশৰ্মা চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে আজিৰ তাৰিখতো অসমৰ জনগণে পথাৰৰ জলসিঞ্চনৰ বাবে ভেকুলী বিয়া পাতিব লাগে৷ অসমৰ চাহ, তেল, কয়লা আদিৰ দৰে সম্পদ থকাৰ পিছতো অসমৰ এনে অৰ্থনৈতিক দুৰ্দশাৰ বিপৰীতে গোৱা আৰু চিকিমৰ উৎপাদনমুখী সৃষ্টিশীল কাম-কাজৰ বিষয়েও উল্লেখ কৰে গগৈয়ে৷ গগৈয়ে কয় বিগত ২৫ বছৰ ধৰি হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ চালকৰ আসনত আছে৷ তথাপিও হিতাধিকাৰী সৃষ্টিৰ আঁচনিয়েই যেন অসমৰ অৰ্থনীতি৷ অসমৰ যুৱপ্ৰজন্মৰ অধিকাংশই মিস্ত্ৰীৰ যোগালি অথবা ৰাজ্যৰ বাহিৰত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত হৈ জীৱন নিৰ্বাহ কৰিছে বুলি উল্লেখ কৰি গগৈয়ে কয়, এনে উৎপাদনহীনতাই অসমক কেনেকৈ সমৃদ্ধিশালী কৰি তুলিব? অসম চৰকাৰক এনে অৰ্থনৈতিক স্থিতিৰ পৰা উদ্ধাৰ পাবলৈ ব্যৱস্থা ল’বলৈ আহ্বান জনাই গগৈয়ে কয় — অসমত বছৰি তিনিটাকৈ খেতি, কৃষকে শস্য-পাচলিৰ উচিত মূল্য পোৱাৰ ব্যৱস্থা, থলুৱা মানুহৰ হাতলৈ বজাৰ কাঢ়ি অনা, গ্ৰামাঞ্চল তথা চাহ বাগিছাসমূহত ক্ষুদ্ৰ উদ্যোগ গঢ়া, অসমক পৰ্যটন ৰাজ্যলৈ উন্নীতকৰণৰ ব্যৱস্থা — এই পাঁচটা কাম কৰক; অসম অৰ্থনৈতিক দিশত নিশ্চয় আগুৱাই যাব৷