হাতীখুলি শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী মেলা

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ হাতীখুলি চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত হয় এখনি শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী মেলা৷ জানিব পৰা মতে, গোলাঘাট পশ্চিম শিক্ষাখণ্ড বোকাখাতৰ কহঁৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ১০ খন প্ৰাথমিক বিদ্যালয়ৰ মাজত এই শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী মেলাৰ লগতে প্ৰতিযোগিতাও অনুষ্ঠিত হয়৷

বোকাখাত পশ্চিম শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি প্ৰদীপ শৰ্মা আৰু মণ্ডল কেন্দ্ৰৰ সমন্বয়ক মুকুল বৰা উপস্থিত থকা অনুষ্ঠানত বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ স্বাক্ষৰতা আৰু সাংখ্যিকতা বিষয়ক শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শন কৰে৷

ইফালে, শিক্ষকসকলক উৎসাহিত কৰিবলৈ সমল কেন্দ্ৰৰ তৰফৰ পৰা আয়োজন কৰা এই প্ৰদৰ্শনী মেলা তথা প্ৰতিযোগিতাত সাক্ষৰতা বিষয়ত — ১ নং শিলডুবি প্ৰাথমিক বিদ্যালয়ে প্ৰথম, ২ নং হাতীখুলি প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় আৰু ৰঙাজান বাগিছা প্ৰাথমিক বিদ্যালয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে৷

আনহাতে, সাংখ্যিকতা বিষয়ত — শিলডুবি এম ই স্কুলে প্ৰথম, ২ নং কহঁৰা প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় আৰু কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলে তৃতীয় পুৰস্কাৰ লাভ কৰে৷

শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী মেলাত ১০ খন বিদ্যালয় শিক্ষকসকল উপস্থিত থাকে৷

  • Related Posts

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰাম-এ যৌথভাৱে যোৱা ৩০ মাৰ্চত বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান কৰে৷…

    অন্যান্য বাতৰি

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন