প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাই৷ যোৱা ১৮ ডিচেম্বৰ তাৰিখে প্ৰয়াত ফুটবলাৰগৰাকীৰ কাজিৰঙাৰ ৰঙাজানস্থ বাসগৃহত আদ্যশ্ৰাদ্ধৰ দিনা অনুষ্ঠিত এই স্মৃতিচাৰণ অনুষ্ঠানত অনাতাঁৰ শিল্পী তথা প্ৰাক্তন ফুটবলাৰ নুনু সিং কৰ্মকাৰ, চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাৰ সভাপতি পৰমেশ্বৰ পানিকা, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহা, কৰ্মকাৰ সমাজৰ বোকাখাত আঞ্চলিকৰ সম্পাদক শম্ভূ কৰ্মকাৰ, কাজিৰঙা অধ্যয়ন চক্ৰৰ তৰালি শইকীয়া আদিকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাৰ সম্পাদক বিতোপন মাজিয়ে আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানত প্ৰয়াত কৰ্মকাৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে বিভিন্নজনে ফুটবলাৰগৰাকীক সুঁৱৰি বক্তব্য আগবঢ়ায়৷ শিল্পী তথা ফুটবলাৰ নুনু সিং কৰ্মকাৰে প্ৰয়াত কৰ্মকাৰৰ স’তে একালত একেলগে অসমৰ ভিন্ন প্ৰান্তত ফুটবল খেলাৰ কথা সুৱঁৰি কয়, ৮০-৯০ৰ দশকত প্ৰতিপক্ষৰ বাবে আতংকৰ নাম ডিফেন্স ফুটবলাৰ হলিৰাম কৰ্মকাৰ৷ একালত কাজিৰঙাত ফুটবল বুলিলেই ৰঙাজানৰ হলিৰামৰ নাম সকলোৰে মুখত বুলি উল্লেখ কৰি সংবাদ মঞ্চৰ ধ্ৰুৱজ্যোতি সাহাই কয় কাজিৰঙাৰ নৱপ্ৰজন্মৰ মাজত ফুটবল জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৱদান আছে৷ ইফালে, আগন্তুক দিনত প্ৰয়াত হলিৰাম কৰ্মকাৰৰ সোঁৱৰণত ফুটবল খেল অথবা এটা ফুটবল একাডেমী স্থানীয়ভাৱে স্থাপন কৰাৰ প্ৰস্তাৱ আগবঢ়াই চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি পৰমেশ্বৰ পানিকাই ফুটবলাৰগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায়৷

  • Related Posts

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

    হাতীখুলি শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী মেলা

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ হাতীখুলি চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত হয় এখনি শিক্ষণ শিকন সামগ্ৰী প্ৰদৰ্শনী মেলা৷ জানিব পৰা মতে, গোলাঘাট পশ্চিম শিক্ষাখণ্ড বোকাখাতৰ কহঁৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা