কাজিৰঙাত গঁড়ৰ আক্ৰমণত নিহত কৃষক

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাত গঁড়ৰ আক্ৰমণত নিহত হ’ল এজন কৃষক৷ আজি পুৱাৰ ভাগত কৃষি পথাৰত কৃষিকৰ্মত ব্যস্ত থকা অৱস্থাতে গঁড়ৰ অতৰ্কিত আক্ৰমণত নিহত হয় অমৰাম গণক নামৰ লোকজন৷ ঘটনা সন্দৰ্ভত কহঁৰাৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈয়ে জানিব দিয়া মতে, আজি পুৱাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ কাষৰীয় ২ নং ম’হপৰা নিবাসী অমৰাাম গণক (৩০) পুৱা ৬-৩০ মান বজাত কৃষিকৰ্মৰ বাবে উদ্যানৰ কাষতে থকা পথাৰলৈ বুলি ওলাই যায়৷ তেনেতে পথাৰৰ নিচেই কাষতে লাগি থকা কহঁৰা বনাঞ্চলৰ পৰা ওলাই অহা এটা গঁড়ে অতৰ্কিতে আক্ৰমণ চলাই কৃষক অমৰামক৷ গঁড়ৰ আক্ৰমণত বুকু, পিঠি আদিত গুৰুতৰ আঘাতপ্ৰাপ্ত হৈ ধৰাশায়ী হৈ থকা অমৰামক পথাৰৰ কাষৰে মৰা ডিফলু নদীৰ পাৰৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ স্থানীয় লোকে শ্বহীদ বেজা বৈঞ্চৱ কহঁৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে অমৰামক মৃত ঘোষণা কৰে৷ ইফালে, মৃত অমৰামৰ পৰিয়াললৈ বনবিভাগৰ তৰফৰ পৰা এককালীন সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে৷

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ