
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাৰ কহঁৰাৰ বয়োজ্যেষ্ঠ নাগৰিক, গ্ৰাম্য সমাজ জীৱনৰ স’তে ওতঃপ্ৰোতভাৱে জড়িত ভৃগু বাউৰীৰ ২৪ জানুৱাৰীত দেহাৱসান ঘটে৷ ৮০ বৰ্ষ গৰকা প্ৰয়াত বাউৰী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শাৰীৰিক অসুস্থতাত ভূগি আছিল৷ তেওঁ এসময়ত কাজিৰঙা অঞ্চলৰ এজন সুনিপুণ কাঠৰ কাৰিকৰ আছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে ব্যৱহাৰ কৰা নাওঁ, বন শিবিৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ কাঠৰ কাম কৰা এজন পাৰ্গত শিল্পী আছিল। উল্লেখ্য, অসম চাহ জনগোষ্ঠী সাহিত্য সভা, কাজিৰঙা শাখাৰ সাংগঠনিক সম্পাদক তথা সংবাদ গোষ্ঠী জননী বাৰ্তাৰ সক্ৰিয় সদস্য নিতুল বাউৰীৰ পিতৃ প্ৰয়াত ভৃগু বাউৰী এগৰাকী ধৰ্মপ্ৰাণ আৰু সৰবৰহী ব্যক্তি হিচাপেই কহঁৰা অঞ্চলত পৰিচিত আছিল৷ প্ৰয়াত বাউৰীৰ মৃত্যুত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতি, কাজিৰঙা শাখা সমিতি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাহিত্য সভা, জননী বাৰ্তা সংবাদ গোষ্ঠী, কাজিৰঙা অধ্যয়ন চক্ৰ, কাজিৰঙা-হুকুমা বিল উন্নয়ন সমিতি, কাজিৰঙা বহুমুখী সমবায় সমিতি, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চ আদি অনুষ্ঠানে শোক প্ৰকাশ কৰে৷